মেষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কৰ্মস্থলীৰ পৰিৱেশ কিছু কঠিন হ’ব পাৰে ৷ জ্যেষ্ঠসকলে আপোনাৰ কৰ্মৰ বিৰুধীতা কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি ৷
বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ মনৰ কথা কাৰো আগতে প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফল লাভ ৷
মিথুন ৰাশি : দিনটোত শুভ ৷ দিনটো আনন্দদায়ক হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ কাৰ্যালয়ৰ পৰিৱেশ উন্নত ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে ৷ বাহিৰত খাদ্য পৰিহাৰ কৰক ৷ মধ্যাহ্নৰ পিছৰ সময়খিনি কিছু উন্নত হ’ব ৷
সিংহ ৰাশি : দিনটো শুভ ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ বিনিয়োগত লোকচান হ’ব পাৰে ৷ তথাপিও ভৱিষ্যৰ বিনিয়োগৰ পৰিকল্পনা কৰিবৰ বাবে দিনটো শুভ হ’ব ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু পৰ আলোচনাৰ পৰা আঁতৰত থাকক ৷
কন্যা ৰাশি : দিনটোৰ প্ৰথম ভাগত গ্ৰহসমূহ পক্ষত দেখা যাব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷ দিনটোৰ পিছত ভাগত অলপ সতৰ্ক হোৱা উচিত ৷ কাৰণ শাৰীৰিক আৰু মানসিক অস্থিৰতাই দেখা দিব ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে আপোনালোকৰ সম্পৰ্কত আঘাত সানিব পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ পানীৰ পৰা আঁতৰত থাকক ৷
তুলা ৰাশি : দিনটোৰ আৰম্ভণি ভাল ধৰণেৰে নহ’বও পাৰে ৷ কিন্তু, দুপৰীয়াৰ পিচত, সকলো ঠিক হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰক ৷ আক্ৰমণাত্মক প্ৰবৃত্তিয়ে আপোনাক দমন কৰিব পাৰে ৷ ঘৰ আৰু কাৰ্যালয়ত জটিলতাৰ সৃষ্টি হ’ব পাৰে ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷
বৃশ্চিক ৰাশি : দিনটো কিছু খেলিমেলিৰ সৃষ্টি হʼব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷
ধনু ৰাশি : দিনটো সমস্যা জৰ্জৰিত হ’ব ৷ দ্ৰুতগতিত গাড়ী নচলাব, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷ পৰাপক্ষত অস্ত্ৰোপাচাৰ কৰাৰ পৰা এৰাই চলক ৷ বিনোদনত ব্যয় বৃদ্ধি হ’ব ৷ স্বাস্থ্য উন্নত ৷
মকৰ ৰাশি : পেচাদাৰী আৰু ব্যৱসায়ীৰ বাবে দিনটো ফলপ্ৰসূ হ’ব ৷ ঘৰৰ পৰিৱেশ দুপৰীয়ালৈকে আনন্দদায়ক আৰু আৰামদায়ক হৈ থাকিব ৷ দুপৰীয়াৰ পিছত, কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ ব্যয় সীমিতি কৰক ৷
কুম্ভ ৰাশি : সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসা লাভৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য উন্নত ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ সৈতে পিকনিক বা প্ৰমোদ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাৰ্হস্থ্য দিশত সকলো সুখদায়ক আৰু আৰামদায়ক হ’ব ৷
মীন ৰাশি : লিখা-মেলা বা বৌদ্ধিক আলোচনা আৰু কামত লিপ্ত হৈ সৃষ্টিশীল আৰু বিশেষণাত্মক কাৰ্য কৰাৰ বাবে এটা উত্তম দিন ৷ আপুনি অধিগ্ৰহণ কৰা যিকোনো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ বিদেশত বাস কৰা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰৰ অহাৰ আশা আছে ৷