কুলধৰ শইকীয়াক 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা' প্ৰদান - LAKSHMINATH BEZBARUA AWARD
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/640-480-23043522-thumbnail-16x9-ss-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 4, 2024, 10:56 PM IST
শিৱসাগৰ: সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বুধবাৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ কুলধৰ শইকীয়াক প্ৰদান কৰে 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা'।
এই অনুষ্ঠানটোত আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে কুলধৰ শইকীয়াই ভাষণ প্ৰদান কৰে । আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে । অনুষ্ঠানটোৰ আঁত ধৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়াই ।
শিৱসাগৰ চহৰৰ কালী প্ৰসাদ সোঁৱৰণি ভৱনত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মা, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি লেখক ড৹ সব্যসাচী মহন্ত, আছুৰ প্ৰাক্তন নেতা শৰৎ হাজৰিকা, আছুৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানস হাজৰিকা ,লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ সদস্য়, আছুৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।