ETV Bharat / health

মাত্ৰ ১০ টকাত উপলব্ধ হোৱা মিনাৰেল পানীৰ নামত আপুনি খাইছে নেকি বৰবিহ! - FSSAI PLASTIC BOTTLE WATER RISK

আপুনিও বাহিৰত উপলব্ধ প্লাষ্টিকৰ বটলত পানী খায় নেকি ? তেন্তে সাৱধান হওক ৷ ইয়াৰ ফলত আপুনি অজানিতে নিমন্ত্ৰণ দিছে ভয়াৱহ ৰোগক-

FSSAI Addresses Safety Concerns: Packaged Drinking Water Classified as High-Risk Category
মাত্ৰ ১০ টকাত উপলব্ধ হোৱা মিনাৰেল পানীৰ নামত আপুনি খাইছে নেকি বৰবিহ! (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 3, 2024, 1:09 PM IST

প্লাষ্টিকে আমাৰ জীৱনত ইমানেই প্ৰভাৱ পেলাইছে যে প্লাষ্টিক অবিহনে আজিৰ পৃথিৱীখন কল্পনাই কৰিব নোৱাৰি ৷ মানুহ প্লাষ্টিকৰ ওপৰত ইমানেই নিৰ্ভৰশীল যে খোৱাপানীৰ বটলৰ পৰা আৰম্ভ কৰি খাদ্য ৰখা টিফিন বাকচটো আৰু প্ৰয়োজনীয় সকলো বস্তুতে প্লাষ্টিক ব্যৱহাৰ কৰি আহিছে ৷

দেখা যায় যে পিয়াহ লাগিলে মানুহে নোচোৱাকৈ বা কোনো পৰীক্ষা নকৰাকৈ যিকোনো ধৰণৰ পানী খায় ৷ সাধাৰণতে বেছিভাগ মানুহেই যেতিয়াই নিজৰ স্বাস্থ্যৰ কথা মনলৈ আহে তেতিয়া তেওঁলোকে বাহিৰত উপলব্ধ প্লাষ্টিকে বটলৰ পানী ক্ৰয় কৰি খায় ৷ যাৰ ওপৰত লিখা থাকে ‘Mineral Water’ ৷

FSSAI Addresses Safety Concerns: Packaged Drinking Water Classified as High-Risk Category
Mineral Waterক "উচ্চ বিপদজনক খাদ্য শ্ৰেণী"ত ৰখাৰ সিদ্ধান্ত লৈছে FSSAI এ (FSSAI)

সাধাৰণতে, ভাল মানৰ বুলি দাবী কৰা কোম্পানী এটাৰ ছীল কৰা পানীৰ বটল ২০ টকাত পোৱা যায় ৷ কিন্তু এই বটলত থকা পানী যে আপোনাৰ স্বাস্থ্যৰ বাবে কোনো বৰবিহতকৈ কম নহয়, সেই কথা আপুনি জানেনে ?

শেহতীয়াকৈ, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই (এফ এছ এছ এ আই) প্লাষ্টিকৰ বটলত উপলব্ধ আৰু Mineral Waterক "উচ্চ বিপদজনক খাদ্য শ্ৰেণী"ত ৰখাৰ সিদ্ধান্ত লৈছে ৷ অৰ্থাৎ এতিয়া এই সামগ্ৰীসমূহৰ গুণগত মান নিবিড়ভাৱে নিৰীক্ষণ কৰা হ’ব আৰু এইবোৰ পৰিদৰ্শন কৰি তৃতীয় পক্ষৰ অডিট কৰা হ’ব ৷ FSSAIৰ এই পদক্ষেপে এয়াই প্ৰমাণ কৰিছে যে প্লাষ্টিকৰ বটলত উপলব্ধ পানী মানৱ স্বাস্থ্যৰ পক্ষে ভাবুকি কঢ়িয়াই আনিব পাৰে ৷

গতিকে জানো আহক প্লাষ্টিকৰ বটলত উপলব্ধ পানী কেনেকৈ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে-

ৰাসায়নিক পদাৰ্থ পানীত দ্ৰৱীভূত হয়

FSSAI Addresses Safety Concerns
মাত্ৰ ১০ টকাত উপলব্ধ হোৱা মিনাৰেল পানীৰ নামত আপুনি খাইছে নেকি বৰবিহ! (ETV Bharat)

প্লাষ্টিকৰ বটলত পেক কৰা পানীত প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যি আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ৷ বিপিএ (বিচফেনল এ)ৰ দৰে বটলত থকা ৰাসায়নিক পদাৰ্থ, ফ্থালেট একেটা বটলত দীৰ্ঘদিন ধৰি ৰাখিলে পানীত দ্ৰৱীভূত হ’ব পাৰে ৷ এই ৰাসায়নিক পদাৰ্থবোৰ গ্ৰহণ কতৰিলে হৰম’নৰ ভাৰসাম্যহীনতা, কেন্সাৰ আৰু অন্যান্য গুৰুতৰ ৰোগ হ’ব পাৰে ৷ সেয়ে পৰাপক্ষত আমি প্লাষ্টিকৰ বটলত পানী খোৱাটো পৰিহাৰ কৰাটো উচিত ৷

প্ৰয়োজনীয় খনিজ পদাৰ্থৰ অভাৱ

প্ৰাকৃতিক উৎসৰ পৰা অহা পানীত সাধাৰণতে কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে, যিবোৰ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য ৷ কিন্তু প্লাষ্টিকৰ বটলৰ পানীত এই খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে ৷ কাৰণ পানী বিশুদ্ধ কৰাৰ প্ৰক্ৰিয়াত এই পুষ্টিকৰ পদাৰ্থবোৰ নোহোৱা হৈ যায় ৷

মাইক্ৰ’প্লাষ্টিকৰ ভয়াৱহতা

কিছুমান গৱেষণাৰ মতে, প্লাষ্টিকৰ বটলৰ পানীত মাইক্ৰ’প্লাষ্টিক কণা পোৱা যায়, যি আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক ৷ এই সৰু সৰু প্লাষ্টিকৰ কণিকাবোৰ শৰীৰত প্ৰৱেশ কৰি পেট, অন্ত্ৰ আৰু অন্যান্য অংগত জমা হ’ব পাৰে ৷ যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা, কেন্সাৰ, আৰু হৃদৰোগৰ সৈতে জড়িত সমস্যাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব পাৰে ৷

https://fostac.fssai.gov.in/doc/Water%20&%20Water%20Based%20Beverages.pdf

লগতে পঢ়ক: খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.