সাম্প্ৰতিক সময়ত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা ৷ এনে পৰিস্থিতিত স্বাস্থ্য সচেতন লোকসকলে নিজকে নিৰোগী কৰি ৰাখিবলৈ যথাসাধ্য স্বাস্থ্য বিধানসমূহ মানি চলে ৷ আনহাতে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগে ৷ এইক্ষেত্ৰত খাদ্য তালিকাৰ ওপৰতো ভালদৰে গুৰুত্ব দিয়া উচিত ৷ ডায়েবেটিছ অনুকূল খাদ্য সামগ্ৰীৰে দিনটো আৰম্ভ কৰাটো প্ৰয়োজনীয় ৷ খাদ্যৰ যত্ন ল’লে চেনি নিয়ন্ত্ৰণত থাকে ৷ কিন্তু অত্যধিক ব্যস্ততাৰ বাবে বহুসময়ত অধিকাংশ লোকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত অসুবিধাৰ সন্মুখীন হয় ৷
কিন্তু যিমানদূৰ সম্ভৱ, ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ সাধাৰণতে আমাৰ অধিকাংশ লোকৰে মনত এটা প্ৰশ্নৰ উদয় হোৱা দেখা যায়, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে নেকি ? এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে সঠিক মতামত আগবঢ়াইছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHএয়ো সাধাৰণ মানুহৰ মনত উদয় হোৱা এই প্ৰশ্ন সন্দৰ্ভত মত প্ৰকাশ কৰিছে ৷
NIHৰ মতে, ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে সুষম খাদ্য গ্ৰহণ কৰিব লাগিব ৷ সকলো বস্তু সঠিক পৰিমাণত সেৱন কৰি থাকিলেহে তিতা কেৰেলাৰ পৰাও উপকাৰ সাধন হয় বুলিও স্বাস্থ্য প্ৰতিষ্ঠানটোৱে নিজৰ গৱেষণাত প্ৰকাশ কৰে ৷ ডায়েবেটিছ ৰোগীসকলে তিতা কেৰেলাৰ সতেজ ৰস খাব পাৰে বুলিও তেওঁ জানিবলৈ দিছে ৷ NIHই উল্লেখ কৰা মতে তিতা কেৰেলা ভাজি খাব নালাগে ৷ ভাজি খালে তিতা কেৰেলাৰ পৰা সকলো পুষ্টিকৰ উপাদান ওলাই যায় বুলি তেওঁ জানিবলৈ দিয়ে ৷
NIHৰ মতে, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে, কিন্তু ইয়াৰ লগতে ব্যায়াম আৰু খোজ কঢ়াৰ লগতে সুষম খাদ্যও গ্ৰহণ কৰিব লাগিব ৷ NIHএ লগতে কয় যে, ডায়েবেটিছ ৰোগীসকলে অবিৰতভাৱে তিতা কেৰেলা খালেহে ইতিবাচক ফলাফল দেখা পাব ৷ উল্লেখ্য যে তিতা কেৰেলাৰ স্বাস্থ্য উপকাৰী আন বহু গুণ আছে ৷ ইয়াত ফাইবাৰ, ভিটামিন এ আৰু চি আৰু অন্যান্য পুষ্টিকৰ উপাদান যথেষ্ট পৰিমাণে থাকে ৷