শেহতীয়াকৈ দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়নত বায়ু প্ৰদূষণ আৰু মগজুৰ ষ্ট্ৰ’কৰ মাজত এক আচৰিত সম্পৰ্ক চিনাক্ত কৰা হৈছে ৷ অধ্যয়নটোৰ মতে, বায়ু প্ৰদূষণৰ প্ৰভাৱ ধূমপানৰ দৰেই, আৰু ই মগজুৰ ষ্ট্ৰ’কৰ এটা প্ৰধান কাৰণ হৈ উঠিব পাৰে ৷
ভাৰত, আমেৰিকা, নিউজিলেণ্ড, ব্ৰাজিল আৰু ইউ এ ইৰ বিজ্ঞানীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে এই গৱেষণাত অংশগ্ৰহণ কৰিছিল ৷ অধ্যয়নটোত স্পষ্ট কৰা হৈছে যে বায়ু প্ৰদূষণৰ মূল অংশ বায়ুত উপস্থিত থকা সৰু সৰু কঠিন আৰু তৰল কণাবোৰে ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
দ্ৰুতগতিত বৃদ্ধি পোৱা মগজুৰ ষ্ট্ৰ’ক
অধ্যয়নটোৰ তথ্য অনুসৰি যোৱা তিনিটা দশকত ষ্ট্ৰ’ক ৰোগী আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত বায়ু প্ৰদূষণৰ যথেষ্ট অৰিহণা আছে ৷ ২০২১ চনত নতুনকৈ ষ্ট্ৰ’কত আক্ৰান্ত লোকৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছিল, যিটো ১৯৯০ চনৰ পৰা ৭০ শতাংশ বৃদ্ধি ৷ একে সময়তে ষ্ট্ৰ’কৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০ লাখৰো অধিকলৈ বৃদ্ধি পাইছে, যিটো ৪৪ শতাংশ বৃদ্ধি ৷