মেষ ৰাশি - সূৰ্য বৃষ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে ৷ এই সময়ছোৱাত আপুনি অহংকাৰী হৈ পৰিব পাৰে ৷ পাৰিবাৰিক বাদ-বিবাদ হ’ব পাৰে, কিন্তু আৰ্থিকভাৱে ভৱিষ্যতে সকলো ঠিকেই হ’ব ৷
প্ৰতিকাৰ–প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰৰ এডাল জপমালা জপ কৰক ৷
বৃষ ৰাশি - বৃষ সংক্ৰান্তিৰ ফলত এই মাহটোত আপোনাৰ অহংকাৰ অব্যাহত থাকিব পাৰে ৷ তথাপিও এই সময়ছোৱাত আপোনাৰ বহু সমস্যা সমাধান হ’ব ৷ ব্যৱসায়িক সহযোগীৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ আপোনাৰ সংগীৰ সৈতেও অধিক মতানৈক্য হ’ব ৷
প্ৰতিকাৰ–সূৰ্য দেৱক কুমকুম মিশ্ৰিত অৰ্ঘ তৰ্পণ কৰক ৷
মিথুন ৰাশি -সূৰ্য এতিয়া আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানলৈ স্থানান্তৰিত হ’ব ৷ পুৰণি ৰোগ-ব্যাধি আঁতৰি যাব ৷ লগতে কিছু নতুন সুযোগো আহিব পাৰে ৷ এই সময়ছোৱাত নিজৰ স্বাস্থ্য আৰু আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখক ৷
প্ৰতিকাৰ- সূৰ্য স্তোত্ৰ পাঠ কৰক ৷
কৰ্কট ৰাশি -যেতিয়ালৈ সূৰ্য বৃষ ৰাশিত থাকিব, তেতিয়ালৈ আপোনাৰ আয় বৃদ্ধি হ’ব পাৰে ৷ চাকৰিৰ বাবে যথেষ্ট সংখ্যক লোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব ৷ সমাজত মানুহে আপোনাক অধিক সন্মান কৰিব ৷ কাম কৰিলে আৰ্থিক লাভ হ’ব ৷ এই সময়ত বন্ধু-বান্ধৱৰ সৈতে ওলাই যাব পাৰে ৷
প্ৰতিকাৰ-প্ৰতিদিনে আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ৷
সিংহ ৰাশি - বৃষ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত ব্যৱসায়ত প্ৰভাৱ পৰিব ৷ পাৰিবাৰিক পৰিৱেশ অতিশয় ভাল হ’ব ৷ আপোনাৰ পিতৃয়ে আপোনাক সহায় কৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনাক অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হ’ব পাৰে ৷
প্ৰতিকাৰ -প্ৰতিদিনে উচ্চস্বৰে সূৰ্য স্তোত্ৰ পাঠ কৰিলে লাভ হ’ব ৷
কন্যা ৰাশি -বৃষ সংক্ৰান্তিৰ পিচৰ এমাহ সময় পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ আপোনাৰ হয়তো কিছু চিন্তা থাকিব পাৰে ৷ ভাতৃ-ভগ্নীৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণভাৱে কথা-বতৰা পাতিব ৷ আপুনি কোনো ভ্ৰমণ কৰিব পাৰে ৷
প্ৰতিকাৰ- নিতৌ ভগৱান শিৱক জল অৰ্পণ কৰক ৷