গুৱাহাটী, ২৩ মে' :চিকিৎসা দীঘলীয়া যদিও নিয়মীয়াকৈ ঔষধ সেৱন কৰিলে যক্ষ্মা ৰোগ সহজতেই ভাল হৈ যায় । কিন্তু নিয়মীয়াকৈ ঔষধ সেৱন নকৰিলে ৰোগৰ প্ৰভাৱ অধিক দীঘলীয়া হোৱাৰ উপৰি ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । তদুপৰি ৰোগ বিয়পাৰ সম্ভাৱনাও থাকে । কিন্তু শেহতীয়াকৈ যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে ৰাজ্যৰ বিভিন্ন জিলাত সমস্যাৰ সৃষ্টি কৰিছে ।
ঔষধৰ নাটনিকলৈ বিভিন্ন জিলাত যক্ষ্মা ৰোগৰ ক্ষেত্ৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাৰ বাবে অসমত যক্ষ্মা ৰোগীৰ ঔষধৰ নাটনি হৈছে আৰু যাৰ ফলত শেহতীয়াকৈ দ্রুতগতিত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । এনে এক পৰিস্থিতিত কম সময়ৰ ভিতৰতে পুনৰ এই ৰোগে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে ।
নিতৌ ন ন জিলাৰ পৰা যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি হোৱাৰ তথ্য আহিয়েই আছে । চৰকাৰী তথ্য অনুসৰি অসমত মাত্ৰ এবছৰতে অর্ধ লক্ষাধিক লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে । কিন্তু নিৰাময় কৰিব পৰা এই ৰোগে শেহতীয়াকৈ ভয়াৱহ হাৰত সংক্ৰমণ হৈছে । ইয়াৰ অন্যতম কাৰণ হৈছে ঔষধৰ নাটনি । কাৰণ বিগত এমাহ ধৰি ৰাজ্যত যক্ষ্মা ৰোগৰ ঔষধৰ যোগান প্ৰায় বন্ধ হৈ আছে ।
লক্ষণীয় বিষয় যে বিগত বৰ্ষত অসমত প্ৰায় ৫১ হাজাৰ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাটো পৰীক্ষাত ধৰা পৰিছে । কিন্তু এই ৰোগীসকলক সময়মতে ঔষধৰ যোগান ধৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ৰাজ্যৰ বহুকেইখন জিলাত শেহতীয়াকৈ যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি হোৱাত ৰোগীসকলৰ লগতে আত্মীয়সকল চৰম সংকটত পৰিছে ।
এই ৰোগ নিৰাময় কৰাৰ বাবে বিৰতি নোহোৱাকৈ নিয়মীয়াকৈ ঔষধ সেৱন কৰাটো বাধ্যতামূলক যদিও দিনৰ পাচত দিন ৰোগীসকলে ঔষধ সেৱন কৰিবলৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰিও ঔষধ লাভ নকৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে, দুটা পৰ্যায়ত যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হয় । তদুপৰি এই ঔষধ চৰকাৰে ৰোগীসকলক বিনামূলীয়াকৈ যোগান ধৰে । কিন্তু ৰোগীসকলে কণ্টিনেশ্যন ফেজত ধাৰাবাহিকভাৱে সেৱন কৰিবলগীয়া থ্ৰী এফ ডি চি নামৰ অতি গুৰুত্বপূৰ্ণ ঔষধেই বিগত প্ৰায় এমাহ ধৰি নাটনি হোৱাত এতিয়া ৰোগীসকল চৰম সংকটৰ সন্মুখীন হৈছে । কোনো কোনো জিলাত চাৰিমাহ পর্যন্ত এই ৰোগৰ ঔষধৰ নাটনি হোৱা বুলি জানিব পৰা গৈছে ।