অহা ২৩ জুনত বলীউডৰ ‘শ্বটগান’ শত্ৰুঘ্ন সিনহাৰ কন্যা সোনাক্ষী সিনহাৰ বিবাহপাশত আবদ্ধ হ’ব বুলি খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ ৷ দৰাচলতে অভিনেতা জাহীৰ ইকবালৰ সৈতে সোনাক্ষী সিনহাৰ এক দীৰ্ঘদিনীয়া সম্পৰ্কত আছে ৷ যাৰ বাবে পিতৃ শত্ৰুঘ্ন সিনহাই এইকথা একেবাৰেই ভাল পোৱা নাই ৷
এনে অৱস্থাত শত্ৰুঘ্ন সিনহাক কন্যাৰ বিবাহৰ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে ৷ তেওঁ কয় যে, ‘‘আজিকালি ল’ৰা-ছোৱালীয়ে কোনো কাম কৰাৰ আগতে পিতৃ-মাতৃৰ পৰা অনুমতি লোৱাটো জৰুৰী বুলি নাভাবে, বৰঞ্চ তেওঁলোকে অৱগতহে কৰে ৷ মই ইয়াৰ বাবেই অপেক্ষা কৰি আছোঁ ৷ যেতিয়া এনেকুৱা হ’ব তেতিয়া মই আৰু মোৰ পত্নীয়ে দম্পতীক আশীৰ্বাদ দিম ৷’’
পিতৃ-মাতৃৰ মৰ্যাদা আৰু মৰম প্ৰতিটো সন্তানৰ বাবে বহুমূলীয়া ৷ কিন্তু কেতিয়াবা সন্তানৰ কিছুমান ভুলে পিতৃ-মাতৃৰ হৃদয় চিৰদিনৰ বাবে ভাঙি পেলায় আৰু সন্তানৰ ওপৰত থকা বিশ্বাস নোহোৱা হৈ যায় ৷
গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত নকৰা
সৰুৰে পৰা পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ বাবে সকলো সিদ্ধান্ত লৈ আহিছে ৷ এনে পৰিস্থিতিত যেতিয়া শিশুৱে ডাঙৰ হোৱাৰ পিচত পিতৃ-মাতৃৰ লগত নিজৰ সিদ্ধান্তৰ বিষয়ে আলোচনা নকৰে, তেতিয়া তেওঁলোকে অতিশয় স্তম্ভিত অনুভৱ কৰিব পাৰে ৷ বিশেষকৈ পিতৃৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাটো অতি কঠিন ৷