অসম

assam

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 6:09 PM IST

ETV Bharat / health

শনিৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ শনি জয়ন্তীৰ দিনা কৰক এই কাম - Shani Jayanti 2024

Shani Jayanti: শনি জয়ন্তীৰ দিনা কি কৰিলে শনি মহাৰাজ সন্তুষ্ট হ'ব ৷ এনে কি কাম আছে যিখিনি কৰিলে শনিৰ কৃপা লাভ কৰিব পাৰি এই সন্দৰ্ভত জনালে জ্যোতিষী ডঃ পৰশমণি শৰ্মাই ।

Sani jayanti
শনিৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ শনি জয়ন্তীৰ দিনা কৰক এই কাম (ETV BHARAT)

গুৱাহাটী, 5 জুন: বৃহস্পতিবাৰে শনি মহাজয়ন্তী ৷ অৰ্থাৎ শনি মহাৰাজৰ জন্মজয়ন্তী ৷ এই দিনটোত যদি আমি কিছু কথাত গুৰুত্ব দিও বা বিশেষ কিছু কাম কৰো তেন্তে আমাৰ জীৱনৰ পৰা শনিৰ যি কোপদৃষ্টি আছে তাৰ পৰা আমি বাচিব পাৰো ৷ বৰ্তমান সময়ত শনিৰ চাৰেচাতি চলি থকা ৰাশি কেইটা হৈছে-মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি ৷

জ্যোতিষী ডঃ পৰশমণি শৰ্মা (ETV BHARAT)

আনহাতে যি কেইটা ৰাশিৰ ৰাহিয়া চলি আছে সেইকেইটা ৰাশি হ’ল- কৰ্কট ৰাশি, বৃশ্চিক ৰাশিৰ যি সকল জাতক-জাতিকা আছে তেওঁলোকে বিশেষভাৱে এই কামখিনি কৰিব লাগিব ৷ তাৰোপৰি যিসকল লোকৰ শনিৰ মহাদশা চলি আছে , শনিৰ দশা চলি আছে বা আপোনাৰ যদি শনি বেয়া চলি তেওঁলোকেও এইকেইটা কাম কৰিব লাগিব ৷

শনি জয়ন্তীৰ দিনা কি কৰিলে শনিৰ দশাৰ পৰা ৰক্ষা পাব ?

  • বৃহস্পতিবাৰে সন্ধিয়া সময়ত শনি মন্দিৰত গৈ আপুনি হনুমান চালিছাখন পাঠ কৰিব পাৰে ৷
  • বৃহস্পতিবাৰৰ দিনটোত শনি মন্দিৰলৈ গৈ ৮০০ গ্রাম ক’লা মাটি মাহ আৰু ক’লা তিলৰ লগতে ৮ টা গজাল এখন কলা কাপোৰত মেৰিয়াই যদি দিব পাৰে তেতিয়া আপোনাৰ বাবে শুভ ৷
  • এটা পাত্ৰত ১ লিটাৰ মিঠাতেল ঢালি তাত আপোনাৰ মুখ চাই, সেই মিঠাতেলখিনি শনি মন্দিৰৰ ওচৰত থকা ভিক্ষাৰীক যদি দিব পাৰে তেতিয়া আপোনাৰ বাবে শুভ হ'ব ৷
  • শনিজয়ন্তীৰ এই দিনটোত আপোনাৰ ঘৰত যদি নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু মদ্যপান নকৰে তেন্তে আপোনাৰ বাবে শুভ ৷
  • শনিৰ বাহন কাউৰীক যদি আপুনি তেলত দিয়া কিবা বস্তু ভাজি খুৱাব পাৰে তেন্তে আপোনাৰ অযথা ধন ব্যয়ৰ পৰা হাত সাৰি থাকিব পাৰিব ৷
  • যেতিয়াই আপুনি শনিমন্দিৰ দৰ্শন কৰিবলৈ যায় তেতিয়া তাত থকা ভিক্ষাৰীসকলক যদি কিবা দান দিব পাৰে তেতিয়াও ভাল ৷ পৰাপক্ষত যদি ৮ গৰাকী ভিক্ষাৰীৰ দান দিব পাৰে তেন্তে আপোনাৰ যি দাৰিদ্ৰতা আছে সেয়া দূৰ হ'ব ৷
  • এইকেইটা কাম কৰিলে আপোনাৰ যি শনিৰ দশা বা মহাদশা চলি আছে সেয়া দূৰ হ'ব ৷ লগতে শনি জয়ন্তীৰ এই দিনটো আপুনি যদি হনুমান মন্দিৰত তিনিগছি চাকি জ্বলাই তেন্তেও শনিৰ প্ৰকোপৰ পৰা বাচিবলৈ ভাল হ'ব ৷ লগতে শিৱ মন্দিৰত গৈ গাখীৰ পানী ঢলাৰ লগতে মিঠাতেল যদি ঢালিব পাৰে তেন্তেও ভাল ৷

লগতে পঢ়ক:জুন মাহত সুখবৰ লাভ কৰিব এই 4টা ৰাশিৰ লোকে - June Lucky Zodiac Signs

ABOUT THE AUTHOR

...view details