ETV Bharat / state

ADREৰ বাবে ৰাজ্যজুৰি দেওবাৰে হ’ব ইণ্টাৰনেট কৰ্তন - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Internet services suspend in Assam : নিযুক্তি পৰীক্ষাৰ স্বাৰ্থত দেওবাৰে পুনৰ ৰাজ্যজুৰি কৰ্তন কৰা হ’ব ইণ্টাৰনেট ৷ পুৱা ৮.৩০ৰ পৰা আবেলি ৪.৩০লৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা ৷ লক্ষ্য এটাই- স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰা ৷

Internet services suspend in Assam
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাৰ বাবে কাইলৈ অৰ্থাৎ দেওবাৰে ৰাজ্যজুৰি কৰ্তন হ’ব মোবাইল ইণ্টাৰনেট সংযোগ ৷ কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ৷ স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত পুৱা ৮.৩০ৰ পৰা আবেলি ৪.৩০লৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা ৷

ADREৰ পৰীক্ষাৰ বাবে অসম চৰকাৰে ৰাজ্যজুৰি সম্পূৰ্ণ ৮.৩০ ঘণ্টা ধৰি সাময়িকভাৱে ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অজয় ​​তিৱাৰীয়ে শনিবাৰে এক অধিসূচনাযোগে ঘোষণা কৰে ৷ অধিসূচনাখনত কোৱা হয় যে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নিকা আৰু স্বচ্ছ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ৰ ধাৰা ৫(২)ৰ অনুচ্ছেদৰ অধীনত এই ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত কৰা হৈছে ৷

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তথ্য মতে দেওবাৰে হ’বলগীয়া ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ পদৰ বাবে নিযুক্তি পৰীক্ষাত অংশগ্ৰহণৰ বাবে মুঠ ৭৩৪০৮০ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে ৷ ৰাজ্যজুৰি মুঠ ৮২২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷

তৃতীয় শ্ৰেণীৰ খালী পদৰ বিপৰীতে পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত মকৰল কৰা হ’ব ৷ তৃতীয় শ্ৰেণীৰ পদৰ পৰীক্ষাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগেৰ তত্বাৱধানত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে(ASSEB) এই সমগ্ৰ পৰীক্ষা পৰিচালনা কৰিছে ৷

দেওবাৰে হ’বলগীয়া দ্বিতীয় পৰবযায়ৰ এই ADREৰ লিখিত পৰীক্ষাৰ ​​অসমৰ ২৭খন জিলাক সামৰি লোৱা হ’ব৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাজ্যত দুয়োবেলাই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব ৷ আগবেলা স্নাতক পৰ্যায়ৰ প্ৰাৰ্থী সকলৰ তৃতীয় শ্ৰেণীৰ পদৰ বাবে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হ’ব৷ আনহাতে পিছবেলা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে থকা পদৰ বাবে ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব ৷

দেওবাৰৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ যুক্তি হিচাবে জাৰি কৰা অধিসূচনাখনত কোৱা হৈছে যে ৰাজ্যখনৰ এই পৰীক্ষাত মোবাইল ইণ্টাৰনেট বন্ধ ৰখাৰ প্ৰয়োজনীয়তা আছিল ৷ কাৰণ ইতিমধ্যে হৈ যোৱা সমপৰ্যায়ৰ পৰীক্ষাত কিছু অসাধু চক্ৰই ফেচবুক, হোৱাটছএপ, এক্স(টুইটাৰ), ইউটিউব আৰু কেম-স্কেনাৰ আদি বিভিন্ন মোবাইল এপ্লিকেচন কৰি অসৎ উপায়ৰ আশ্ৰয় গ্ৰহণ কৰিছিল ৷ এই সকলোবোৰ এপ্লিকেচন ইণ্টাৰনেট / ৱাই-ফাই/ মোবাইল ডাটা সংযোগৰ ওপৰত নিৰ্ভৰশীল ৷

তদুপৰি চৰকাৰৰ তৰফৰ পৰা যুক্তি দিয়া হৈছে যে অসামাজিক চক্ৰই সংগঠিতভাৱে সামাজিক মাধ্যমৰ যোগেদি জৰিয়তে উৰাবাতৰিৰ আশ্ৰয় লৈ পৰিস্থিতিৰ সুবিধা ল’বলৈ চেষ্টা কৰাৰ সম্ভাৱনা আছে ৷ পৰীক্ষা প্ৰক্ৰিয়াটোক অস্থিৰ কৰিবলৈয়ো চেষ্টা কৰিব পাৰে বুলি আশংকা কৰা হৈছে ৷ সেয়ে ৮.৩০ ঘণ্টা ধৰি ৰাজ্যজুৰি এই ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে চৰকাৰে ৷

লগতে পঢ়ক : পৰীক্ষাৰ পূৰ্বে জানি লওক ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নিৰ্দেশনা; নহ'লে পৰিব বিপদত, বিশেষ ৰে'লৰ ব্যৱস্থা

কি কি নিয়ম এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ?

ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.