ETV Bharat / state

সলনি হ'ব যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা কোম্পানী: ভূৱন গাম - Jorhat Majuli Bridge Construction

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

MLA Bhuban Gam: মাজুলী-যোৰহাট সংযোগী দলঙৰ স্থৱিৰতাক লৈ বিধায়ক ভূৱন গামৰ সংবাদমেল । সলনি হব দলং নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা বদ্ৰি ৰায় কোম্পানী । অতিশীঘ্ৰে প্ৰকাশ পাব নিবিদা । নিবিদা প্ৰকাশৰ পাছতে শীঘ্ৰে আৰম্ভ হ'ব দলঙৰ নিৰ্মাণকাৰ্য ।

MLA Bhuban Gam addressed a press conference on the stability of Majuli-Jorhat link bridge
বিধায়ক ভূৱন গামৰ সংবাদমেল (ETV Bharat Assam)

মাজুলী,২৮ ছেপ্টেম্বৰ: বিগত ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য । যিখন দলঙৰ বাবে মাজুলীৰ জনসাধাৰণে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছিল । মাজুলীৰ এই দীৰ্ঘদিনীয়া সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ।

সেই দিনটোৰ পৰাই যেন মাজুলীত নতুন দিগন্তৰ শুভাৰম্ভ হৈছিল । মাজুলীবাসীৰ এই সপোনৰ যোৰহাট দলঙৰ কাম ইতিমধ্যে ৩০ শতাংশ সম্পূৰ্ণ হৈছে । এই ৩০ শতাংশ কাম শেষ হোৱাৰ পিছত যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম । দলং নিৰ্মাণস্থলীৰ পৰা ইতিমধ্যে লৈ যোৱা হৈছিল দলং নিৰ্মাণৰ বাবে অনা যন্ত্ৰ-পাতি । মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ কৰি দলং নিৰ্মাণৰ বাবে অনা সামগ্ৰীসমূহ ওভতাই নিয়াত মাজুলীবাসীৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছিল ।

যাৰ বাবে মাজুলীৰ জনসাধাৰণে এই গোটেই বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছিল । শনিবাৰে মাজুলীৰ বিধায়কগৰাকীয়ে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰ স্থবিৰতাৰ প্ৰসংগত সম্বোধন কৰে এখন সংবাদমেল । এই সংবাদমেলৰ জৰিয়তে বিধায়কগৰাকীয়ে অতিশীঘ্ৰে দলং নিৰ্মাণ হৈ উঠিব বুলি মন্তব্য প্ৰকাশ কৰে ।

এই সন্দৰ্ভত তেওঁ কয়,"সলনি হ'ব দলং নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা বদ্ৰীৰায় কোম্পানী । দলং নিৰ্মাণৰ মূল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কোনো সলনি নহয় । ইয়াৰ বিপৰীতে অতি শীঘ্ৰে পুনৰ নিবিদা প্ৰকাশ পাব । এই নিবিদা সোনকালে প্ৰকাশ পাব আৰু শীঘ্ৰে এই দলঙৰ কাম পুনৰ আৰম্ভ হ'ব ।" উল্লেখ্য যে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে জনপ্ৰিয় সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰকাশ কৰিছিল মাজুলী-যোৰহাট সংযোগী দলঙৰ বৰ্তমানৰ স্থিতি ।

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । পথ পৰিবহণ মন্ত্রী গাডকাৰীৰ হস্তক্ষেপ বিচাৰি প্ৰেৰণ কৰিছিল পত্ৰ । এই পত্ৰৰ জৰিয়তে দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নীতিন গাডকাৰীক আহ্বান জনাইছিল । ইয়াৰ পিছতে মাজুলীৰ বিধায়কগৰাকীয়ে দলংখনৰ নিৰ্মাণকাৰ্য সম্পৰ্কে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই প্ৰতিক্ৰিয়াৰ পৰা নিশ্চিত হয় যে দলংখনৰ কাম নিৰ্ধাৰিত সময়তকৈ কিছু পলম হোৱাৰ সম্ভাৱনাই বেছি ।

লগতে পঢ়ক: যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ: নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ - Majuli Jorhat connecting bridge

মাজুলীৰ দলং নিৰ্মাণৰ কাম বন্ধ হোৱাটো দুৰ্ভাগ্যজনক : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী - Jorhat Majuli Bridge Construction

ৰাষ্ট্ৰীয় পথ পৰিবহণ বিভাগে বান্ধি দিয়া সময়সীমা উকলিল; পুনৰাৰম্ভ ন’হল মাজুলীৰ দলং নিৰ্মাণৰ কাম - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.