ETV Bharat / lifestyle

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সিজোৱা চাউলৰ পানী কিমান লাভদায়ক ? বিশেষজ্ঞৰ দ্বাৰা জানি লওক - RICE WATER FOR WEIGHT LOSS

সিজোৱা চাউলৰ পানী শৰীৰৰ বাবে কিমান উপকাৰী এই বিষয়ে হয়তো বহু কম সংখ্যক লোকেহে জানে ৷ কিন্তু ই আপোনাৰ ওজন হ্ৰাস কৰাটো লাভদায়ক জানেনে ?

The Weight Loss Potential of Boiled Rice Water: Expert Insights
ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সিজোৱা চাউলৰ পানী কিমান লাভদায়ক ? বিশেষজ্ঞৰ দ্বাৰা জানি লওক (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 22, 2025, 4:48 PM IST

খাদ্য আৰু অনিয়মিত জীৱনশৈলীৰ বাবে বহু মানুহে আজিকালি বিভিন্ন ৰোগত ভুগিবলগীয়া হয় ৷ আজিৰ সময়ত প্ৰায়ভাগ মানুহে মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায় ৷ মেদবহুলতাৰ বাবে উচ্চ ৰক্তচাপ, মধুমেহ আদিকে ধৰি বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ বহু সময়ত মানুহে ওজন কমাবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে কিন্তু তাৰ পাছতো বিফল হয় ৷ অতিৰিক্ত চৰ্বি বা ওজন হ্ৰাস কৰিবলৈ মানুহে জিম যোৱাৰ উপৰিও বিভিন্ন ধৰণৰ বস্তু খায় ৷ কিন্তু ইয়াৰ পাছতো কিছুমানে ওজন হ্ৰাস কৰিব নোৱাৰে ৷

এনে পৰিস্থিতিত এই প্ৰতিবেদনত আমি কিছুমান ঘৰুৱা উপায়ৰ কথা উল্লেখ কৰিছো যাৰ সহায়ত ওজন হ্ৰাস হোৱাত আপোনাক যথেষ্ঠ সহায় কৰিব ৷ বিশেষজ্ঞসকলৰ মতে, এই উপায়সমূহ মেদবহুলতা হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷

সিজোৱা চাউলৰ পানীয়ে কেনেদৰে ওজন কমোৱাত সহায় কৰে ?

বিশেষজ্ঞই কয় যে, যদি আপুনি ওজন কমাব বিচাৰে তেন্তে সিজোৱা চাউলৰ পানী অৰ্থাৎ ভাতৰ পানী খাব পাৰে ৷ ই শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে ৷ সহজ ভাষাত ইয়াক ভাতৰ মাৰ বুলি কোৱা হয় ৷ ইয়াত বহু পৰিমাণে পুষ্টিকৰ উপাদান থাকে আৰু ই ৰোগৰ বাবে অত্যন্ত উপকাৰী ৷ সিজোৱা চাউলৰ পানীৰ বহু গুণ আছে যাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি ৷ সিজোৱা চাউলৰ পানীয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰোপৰি ই মেদবহুলতাও কমাব পাৰে ৷ ইয়াত থকা ফাইবাৰে হজম শক্তি ভাল কৰি ৰাখে আৰু পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ লগতে কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ দিয়ে ৷

কেতিয়া খাব লাগে ?

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ NIHএয়ো কয় যে, যদি আপুনি প্ৰতিদিনে সিজোৱা চাউলৰ পানী খাই তেন্তে আপোনাৰ ওজন লাহে লাহে কমিবলৈ আৰম্ভ কৰিব ৷ গতিকে অতিৰিক্ত চৰ্বি কমাবলৈ বা ওজন হ্ৰাস কৰিবলৈ সিজোৱা চাউলৰ পানী খাব পাৰে ৷ সিজোৱা চাউলৰ পানীত অধিক পৰিমাণৰ কেলৰি থাকে ৷ গতিকে এই পানী খালে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি সহজেই কমি যায় ৷

আজিকালি প্ৰায় সকলোৱে প্ৰেচাৰ কুকাৰত ভাল ৰান্ধে ৷ তেনে পৰিস্থিতিত আপুনি চাউলত অধিক পানী দি ভাতখিনি বনাই ল’ব ৷ তাৰ পাছত সিজা ভাতখিনি এখন প্লেটত উলিয়াই ল’ব আৰু তাৰ পৰা পানীখিনি উলিয়াই ঠাণ্ডা কৰি খাব ৷ এনে কৰিলে কম দিনৰ ভিতৰতে আপোনাৰ শৰীৰৰ ওজন হ্ৰাস পাব ৷ অৱশ্যে আপোনাৰ যদি অন্য কোনো ৰোগ আছে তেন্তে কিবা সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. ভাত শৰীৰৰ বাবে কিমান প্ৰয়োজনীয় ? বিশেষজ্ঞৰ পৰাই জানি লওক
  2. ভাত নে ৰুটি ? ওজন কমাবলৈ কোনবিধ উপকাৰী
  3. ভৌগোলিক স্বীকৃতি প্ৰাপ্ত অসমৰ বোকা চাউলৰ উপকাৰিতা সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.