দক্ষিণৰ অন্যতম এগৰাকী অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ বয়স সম্প্ৰতি ৩৬ বছৰ, কিন্তু তেওঁৰ ফিটনেছলৈ চাই এই কথা বিশ্বাস কৰাটো টান ৷ একশ্যন হওক বা নৃত্য হওক, তেওঁৰ শৰীৰটো ইমানেই নমনীয়ভাৱে ব্যৱহাৰ কৰে যে তেওঁৰ পৰা চকু আঁতৰোৱাটো খুব কঠিন হৈ পৰে ৷
ফিটনেছ নিশ্চিত কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰাটো নিশ্চিত যদিও ইয়াৰ লগতে বিশেষ খাদ্যও মানি চলিব লাগে ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পোষ্টত এই কথা প্ৰকাশ কৰিছে ৷ তেওঁ কয়, অটোইম্যুন ডায়েট প্লেন অনুসৰণ কৰাৰ পিছত মই গম পালোঁ যে শক্তি আপোনাৰ খাদ্যৰ পৰা নহয় আপোনাৰ চিন্তাধাৰাৰ পৰাই আহে ৷
অটোইম্যুন ডায়েট কি ?
নিজৰ পোষ্টত অটোইম্যুন ডায়েটৰ কথা উল্লেখ কৰাৰ সময়তে সামান্থাই লিখিছে যে, ই এক অতি কঠোৰ ডায়েট ৷ কিন্তু ইণ্টাৰনেটত বিচাৰিলে ফলাফলত Autoimmune Protocol Diet ৰ সৈতে জড়িত তথ্য পোৱা যায় ৷ এই খাদ্যৰ উদ্দেশ্য হৈছে অটোইম্যুন ৰোগৰ লক্ষণসমূহ উন্নত কৰা আৰু শৰীৰৰ প্ৰদাহৰ সমস্যা নিৰাময় কৰা ৷ গতিকে প্ৰদাহজনিত খাদ্যসমূহ অটোইম্যুন খাদ্যত অন্তৰ্ভুক্ত নহয় ৷