অসম

assam

ETV Bharat / health

কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক - RABIES PREVENTION

জলাতংক ৰোগৰ পৰা ৰক্ষা পাবলৈ প্ৰথমতে কি কৰিব লাগে ? কোনটো পৰ্যায়ত ভেকচিন লোৱাটো উচিত, এই সন্দৰ্ভত কি ক’লে পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে-

RABIES PREVENTION
কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক (FREEPIK)

By ETV Bharat Health Team

Published : Jan 23, 2025, 2:19 PM IST

কুকুৰে কামুৰিলে আমি সততে বিভিন্ন অন্ধবিশ্বাসত বশৱৰ্তী হৈ কিছু কাৰ্য কৰো,কিন্তু সেই কাৰ্য সমূহে আমালৈ প্ৰাথমিক পৰ্যায়ৰ পৰাই বিপদ কঢ়িয়াই আনিব পাৰে আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, সেয়েহে কুকুৰে কামুৰিলে প্ৰথম দিনা পৰাই আমি ভেকচিন ল'ব লাগে ৷ এই সমগ্ৰ বিষয়টিৰ সন্দৰ্ভত ইটিভি ভাৰত অসমৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত এই বিষয়ে বিৱৰি কয় যোৰহাট পশু পালন আৰু পশু চিকিৎসালয় পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে ৷ আজি এই বিষয়ে বিতংভাৱে জানো আহক-

পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয় যে, কুকুৰে কামুৰিলে ৰেবিজ ৰোগত আপুনি ভুগিব পাৰে, যাক অসমীয়াত জলাতংক ৰোগ বুলিও কোৱা হয়, যাৰ কোনো চিকিৎসা নাই, এই ৰোগ অতিকৈ মাৰাত্মক ৷ চিকিৎসকগৰাকীৰ মতে, সকলো কুকুৰৰ শৰীৰত জলাতংক ৰোগৰ থাকে বুলি সম্ভৱতঃ কোৱা হয়, কুকুৰে কেতিয়াও খেদি খেদি নাকামোৰে, কুকুৰক জোকালে হে কামোৰে ৷ বলিয়া কুকুৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷

পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তী (ETV Bharat)

কুকুৰে কামুৰিলে প্ৰথমতে কি কৰা প্ৰয়োজন ?

যদি কুকুৰে কামোৰে তেতিয়া তৎক্ষণাত কুকুৰে কামুৰা ঠাইডোখৰ ভালদৰে চাবোনেৰে ধুই পৰিস্কাৰ কৰিব লাগে আৰু কামুৰা স্থানৰ পৰা তেজসমূহ চেপি চেপি উলিয়াই দিব লাগে, সেই দিনটোৰ পৰাই ভেকচিন গ্ৰহণ কৰিব লাগে, এই ভেকচিন বিনামূলীয়াকৈ চিকিৎসালয়ত পোৱা যায়, যদি সেই সময়ত উক্ত ভেকচিনটো বিনামূলীয়াকৈ চিকিৎসালয়ত উপলদ্ধ নহয় তেন্তে ফাৰ্মাচীৰ পৰা কিনি হ’লেও ভেকচিনটো লোৱাটো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ ৷ কুকুৰে কামুৰিলে ভেকচিন শূণ্য দিন তথা প্ৰথম দিনৰ পৰা আৰম্ভ কৰি তিনি নম্বৰ, ৭নম্বৰ, ১৪ নম্বৰ, ২৮ নম্বৰ আৰু ৯০ নম্বৰ দিনৰ ভিতৰত ল'ব লাগে ৷

ইফালে পশু চিকিৎসা বিষয়াগৰাকীয়ে কয় যে, কুকুৰে কামুৰিলে উৰহী লগতে অন্য বস্তু খাব নালাগে বুলি কোৱা কথা কোনো বৈজ্ঞানিক ভিত্তি নাই ৷

যোৰহাটৰ পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয় যে কুকুৰে কামোৰা পিছত উৰহী লগতে বিভিন্ন বস্তু খাব নালাগে বুলি পূৰ্ব পৰাই চলি থকা কথাষাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷

কুকুৰৰ জনসংখ্যা ৰোধৰ বাবে প্ৰচেষ্টা গ্ৰহণ

বাটৰুৱা কুকুৰৰ সন্ত্ৰাসত বহুলোকেই বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সন্দৰ্ভত তেওঁ কয় যে, বৰ্তমান বাটৰুৱা কুকুৰক ভেকচিন দিয়া কাম কৰা হৈছে যদিও এই কাম বহু জটিল, সেয়েহে বা বাটৰুৱা কুকুৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ পৌৰসভাৰ সহায়ত বাটৰুৱা কুকুৰবোৰৰ প্ৰজনন ক্ষমতা ৰোধ কৰাৰ প্ৰচেষ্টা চলোৱাৰ কথা পশু চিকিৎসা বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

মতা আৰু মাইকী কুকুৰসমূহক অস্ত্ৰোপচাৰৰ মাধ্যমেৰে কুকুৰসমূহে যাতে সন্তান জন্ম দিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰে যাতে কুকুৰ জনসংখ্যা হ্ৰাস কৰিব পৰা যাব ৷ এনে পদ্ধতিৰ জৰিয়তে কুকুৰৰ উপদ্ৰৱ ৰোধ কৰিব পৰা যাব ৷

উল্লেখ্য যে, যোৰহাটৰ মাজমজিয়াত কুকুৰ দলৱদ্ধ আক্ৰমণত এজন লোকে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে বহুলোকেই বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷ কাৰণ জিলাখনত বাটৰুৱা কুকুৰৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷

লগতে পঢ়ক

  1. গুৱাহাটীত বৃদ্ধি পাইছে জলাতংক ৰোগ; চিন্তিত মহানগৰবাসী - Rabies
  2. Dog Biting: যদি আপোনাক কুকুৰে কামোৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক
  3. ঘৰত পোহনীয়া জন্তু ৰখাসকলে প্ৰায়ে কৰে এই ভুল...এই ৩টা সংকেত দেখিলে হৈ যাওক সাৱধান!

ABOUT THE AUTHOR

...view details