অসম

assam

ETV Bharat / health

ভাইৰেল জ্বৰ হ’লে গা ধুব লাগেনে ? কি কয় বিশেষজ্ঞই - Bath During Viral Fever - BATH DURING VIRAL FEVER

Bath During Viral Fever: ভাইৰেল জ্বৰে আমাৰ শৰীৰক অতিকৈ দুৰ্বল কৰি তোলে, গতিকে সংক্ৰমণৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়, কিন্তু যদি কোনো ব্যক্তি ভাইৰেল জ্বৰত আক্ৰান্ত হয় তেন্তে সেই সময়ছোৱাত স্নান কৰিব পাৰি নে নাই আজি বিশেষজ্ঞৰ পৰা জানি লওক-

Is it good to take a bath during viral fever ?
ভাইৰেল জ্বৰ হ’লে গা ধুব লাগেনে ? কি কয় বিশেষজ্ঞই (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Sep 30, 2024, 7:50 PM IST

পৰিৱৰ্তিত বতৰত ভাইৰেল জ্বৰৰ আশংকা যথেষ্ট বৃদ্ধি পায়, সেইবাবেই আজিকালি মানুহ সঘনাই অসুস্থ হ’বলৈ ধৰিছে, ইয়াৰ মূল কাৰণ হৈছে লেতেৰা বেক্টেৰিয়া আৰু যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে এই ৰোগৰ কৱলত আপুনি অতি সহজেই পৰিব পাৰে ৷ এতিয়া মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে ভাইৰেল জ্বৰ হ’লে এনে পৰিস্থিতিত গা ধুব লাগে নে নাই ? এই প্ৰশ্ন স্বাস্থ্য বিশেষজ্ঞৰ মাজতো এক বিতৰ্কিত বিষয় ৷ অৱশ্যে সঠিক পদক্ষেপ কি সেয়া জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷

ভাইৰেল জ্বৰৰ লক্ষণ

ভাইৰাছজনিত জ্বৰৰ আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল সাধাৰণতে জ্বৰ, শৰীৰৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা, টোপনি নোহোৱা ৷ এই ৰোগৰ বাবে শৰীৰ অতি দুৰ্বল হৈ পৰে, আৰু যদি ইয়াৰ প্ৰভাৱ দীৰ্ঘদিনলৈ থাকে তেন্তে ই ওজনো হ্ৰাস কৰে ৷

ভাইৰেল জ্বৰৰ সময়ত গা ধুব লাগে নে নাই ?

একাংশ চিকিৎসকৰ মতে ভাইৰেল জ্বৰ হ’লে গা ধোৱাটো এটা স্বাস্থ্যসন্মত উপায় হ’ব পাৰে, কাৰণ ই শৰীৰৰ পৰা মলি আঁতৰাই পেলাব পাৰে আৰু মানসিকভাৱেও সুখদায়ক অনুভৱ দিব পাৰে ৷ গতিকে বহুক্ষেত্ৰত এই ৰোগত গা ধোৱাটো নিৰাপদ বুলি ধৰা হয় ৷

যদি কোনো শিশু বা বৃদ্ধ ব্যক্তিৰ ভাইৰেল জ্বৰ হয়, তেন্তে গা ধুওঁতে সাৱধান হ’ব লাগে কাৰণ ইয়াৰ ফলত আন বহুতো সমস্যা বৃদ্ধি পাব পাৰে এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিজন ব্যক্তিৰ চিকিৎসাৰ অৱস্থা একে নহয় চিকিৎসকৰ মতে যেতিয়া আমাৰ শৰীৰে ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজি আছে, তেতিয়া ইয়াক আৰু অধিক ভাগৰুৱা হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব ৷ গা ধোৱাৰ সময়ত লক্ষণ বাঢ়িব পাৰে, যাৰ বাবে ৰোগী অধিক অস্বস্তিত পৰিব পাৰে ৷

ভাইৰেল জ্বৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

নিয়মিতভাৱে হাত ধুব লাগে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷ ভাইৰাছ আপোনাৰ পৰা যিমানেই দূৰত থাকিব সিমানেই ভাইৰেল জ্বৰৰ আক্ৰমণ কম হ’ব ৷ গতিকে পৰিৱৰ্তিত বতৰত আমি সকলোৱে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱা আৰু মাস্ক পৰিধান কৰাটোৱেই উত্তম, ইয়াৰ বাহিৰেও প্ৰয়োজন নহ’লে ভাইৰেল জ্বৰ ৰোগীৰ পৰা দূৰত্ব বজাই ৰখা, আৰু যিমান পাৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য খোৱাটোৱেই উত্তম ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3894045/

লগতে পঢ়ক:গৰম চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহো এবাৰ জানি লওক - Tea and Cigarette Side Effects

ABOUT THE AUTHOR

...view details