বহুবাৰ বহু অভিভাৱকে অভিযোগ কৰা দেখা যায় যে, তেওঁলোকৰ সন্তানে পঢ়া-শুনাৰ প্ৰতি মনোযোগ নিদিয়ে বা তেওঁলোকৰ সন্তানে বহু কষ্ট কৰাৰ পাচতো পঢ়া-শুনাত মনোযোগ দিব নাই পৰা ৷ এনে পৰিস্থিতিত আপুনি জ্যোতিষশাস্ত্ৰবিদ ড৹ পৰশ মণি শৰ্মাই আগবঢ়োৱা এইকেইটা উপায়েৰে আপুনি আপোনাৰ সন্তানৰ এই সমস্যা দূৰ কৰিব পাৰে ৷
সন্তানৰ পঢ়া-শুনা মনোযোগ আনিবলৈ কি উপায় কৰিব ?
১) এই ক্ষেত্ৰত সদায় আপোনাৰ সন্তানৰ পঢ়া-টেবুলখন চাব ৷ পঢ়া-টেবুলখন কোনটো দিশত আছে ৷ শিক্ষাৰ্থীসকল পঢ়া টেবুলখন সদায় উত্তৰ দিশৰ ফালে অন্যথা পূব দিশে থাকিব লাগে ৷
২)পঢ়াত মনোযোগ বৃদ্ধিৰ বাবে আপোনাৰ সন্তানে পঢ়িবলৈ বহা পঢ়া-টেবুলখনত এটা কাঁচৰ গিলাছত পানী ভৰাই তাত দুটা গোল নেমু( হালধীয়া বা সেউজীয়া যি কোনো ৰঙৰ) দি গিলাচটোত ৰাখিব পাৰে ৷ আৰু সেই গিলাছটোৰ পানীখিনি প্ৰতি দেওবাৰে সলনি কৰি থাকিব পাৰে ৷ মনত ৰাখিব যে, যেতিয়াই পঢ়িবলৈ বহে সেই গিলাছটোত পানীখিনি থকাটো প্ৰয়োজনীয়, গিলাছটোৰ পানীখিনিয়ে মনোযোগ বৃদ্ধিত সহায় কৰিব৷