যদি আপুনি প্ৰয়োজনতকৈ অধিক পানী খায় বা অতি সোনকালে পিয়াহ দূৰ কৰে, তেন্তে সাৱধান হওক । এই দুয়োটা কামেই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । এই সন্দৰ্ভত মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ৰ চিএমএছ ডাঃ ৰাজেশ কুমাৰ শ্ৰীবাস্তৱে ।
ডাঃ ৰাজেশ কুমাৰ শ্ৰীবাস্তৱে কয় যে গ্ৰীষ্মকালত শৰীৰত গ্লুক’জৰ পৰিমাণ কমি যায় । যাৰ ফলত চিকিৎসালয়ত ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পায় । সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে তিনিৰ পৰা চাৰি লিটাৰ পানী খাব লাগে । বয়স, ওজন বা উচ্চতা যিয়েই নহওক কিয়, এই মানদণ্ড সকলো প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে ।
পানী খোৱাৰ সময়ত এইখিনি সাৱধানতা অৱলম্বন কৰিব-
- এজন সুস্থ ব্যক্তিয়ে ২৪ ঘন্টাত তিনিৰ পৰা চাৰি লিটাৰ পানী খাব লাগে । ইয়াতকৈ বেছি পানী খোৱা উচিত নহয় ।
- ইয়াতকৈ কম পানী খোৱাসকলৰ গ্লুক’জৰ পৰিমাণ কমি যায় ।
- পানী লাহে লাহে পি খাব লাগে, ই শৰীৰৰ উষ্ণতা সন্তুলিত ৰাখে ।
- খাদ্য খোৱাৰ পিচত লগে লগে আধা লিটাৰ পানী খালে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- এবাৰত এক লিটাৰ বা তাতকৈ অধিক পানী খালে উদ্বিগ্নতা, বিভ্ৰান্তি আৰু বি পিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।