কৰ’ণাৰ আতংক সম্পূৰ্ণৰূপে শেষ হোৱা নাই যদিও এইবাৰ ইউৰোপত বৃদ্ধি পাবলৈ ধৰিছে Parrot Fever ৰ প্ৰাদূৰ্ভাৱ ৷ খবৰ অনুসৰি ইউৰোপত ‘পেৰ’ট ফিভাৰ’ নামৰ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ কৰুণ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই চাঞ্চল্যকৰ তথ্যই পোহনীয়া জন্তুৰ মালিক আৰু চৰাই প্ৰেমীৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে ৷
কিন্তু Parrot Fever দৰাচলতে হয় কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি ইয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম ৷
Parrot Fever কি ?
Parrot Fever বা ভাটৌ জ্বৰ, যাক psittacosis বা Chlamydia psittaci infection বুলিও কোৱা হয় ৷ Chlamydia psittaci বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ ৷ ইয়াক প্ৰধানকৈ কপৌ, ককটেইল আৰু পাৰ চৰাইত পোৱা যায় যদিও ই মানুহলৈও বিয়পিব পাৰে ৷
আক্ৰান্ত চৰাইৰ মল আৰু নিঃসৰণত এই বেক্টেৰিয়া পোৱা যায় আৰু প্ৰত্যক্ষ সংস্পৰ্শ বা দূষিত ধূলিৰ কণা উশাহ-নিশাহৰ জৰিয়তে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে ৷
Parrot Fever এ মানুহক কেনেদৰে প্ৰভাৱিত কৰে ?
চিকিৎসকৰ মতে, যেতিয়া কোনো ব্যক্তি এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া জ্বৰ, ঠাণ্ডা, মূৰৰ বিষ, পেশীৰ বিষ আৰু ভাগৰ ফ্লুৰ আদিৰ দৰে লক্ষণ দেখা দিব পাৰে ৷ অধিক গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়া আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাও হ’ব পাৰে ৷
এই ৰোগৰ কাৰণ কি ?
স্বাস্থ্য বিশেষজ্ঞৰ মতে, ক্ল’মাইডিয়া প্চিটাচি বেক্টেৰিয়া প্ৰধানকৈ চৰাইৰ দেহত পোৱা যায় ৷ আক্ৰান্ত চৰাই বা ইহঁতৰ মল, পাখি বা শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে ই মানুহলৈ বিয়পিব পাৰে ৷ চৰাইৰ লগত কাম কৰা লোক, যেনে চৰাই পালক, পোহনীয়া জন্তুৰ দোকানৰ কৰ্মচাৰী, পশু চিকিৎসক আদি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি ৷