অসম

assam

ETV Bharat / health

নখ কমোৰাৰ অভ্যাস আছে নেকি ? তেন্তে সৰ্বনাশ!

প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য বৃদ্ধি দীঘল নখে এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু এই নখৰ ভিতৰতে লুকাই আছে আপোনাক ৰুগীয়া কৰিব পৰা বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ-

By ETV Bharat Health Team

Published : 8 hours ago

Fingernails can harbour up to 32 different types of bacteria
নখ কমোৰাৰ অভ্যাস আছে নেকি ? তেন্তে সৰ্বনাশ! (ETV Bharat)

নখে প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য্য বৃদ্ধি কৰাত এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু আপুনি জানেনে যে এই নখৰ ভিতৰত কিমান বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ লুকাই থাকে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ডাঙৰ ভাবুকি কঢ়িয়াব পাৰে ?

শেহতীয়াকৈ এক গৱেষণাই এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে যে নখৰ ভিতৰত ৩২বিধ ভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু ২৮ প্ৰকাৰৰ ভেঁকুৰ পোৱা যায় ৷ এই গৱেষণা ২০২১ চনত কৰা হৈছিল আৰু জাৰ্নেল অৱ দ্য আমেৰিকান প’ডিয়াট্ৰিক মেডিকেল এছ’চিয়েশ্যনত প্ৰকাশ পাইছিল ৷

এই অধ্যয়নত বিজ্ঞানীসকলে নখৰ ভিতৰৰ পৰা নমুনা লৈ পৰীক্ষা কৰিছিল ৷ ফলাফলটো বৰ চাঞ্চল্যকৰ আছিল ৷ ৫০% নমুনাত কেৱল বেক্টেৰিয়া, ৬.৩% নমুনাত কেৱল ভেঁকুৰ আৰু ৪৩.৭% নমুনাত বেক্টেৰিয়া আৰু ভেঁকুৰ উভয়ৰে মিশ্ৰিত গোট পোৱা গৈছিল ৷ এই অধ্যয়নটো ভৰিৰ নখৰ ওপৰত কৰা হৈছিল যদিও ইয়াৰ প্ৰভাৱ হাতৰ নখৰ ক্ষেত্ৰতো প্ৰযোজ্য, কাৰণ আমি দিনটো বহু কামত হাত আমাৰ হাত ব্যৱহাৰ কৰো, যাৰ বাবে নখৰ ভিতৰত বীজাণু সহজে জমা হ’ব পাৰে ৷

নখ কমোৰাৰ অভ্যাস আছে নেকি ? তেন্তে সৰ্বনাশ! (ETV Bharat)

নখত লুকাই থকা বেক্টেৰিয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

গৱেষণাৰ পৰা দেখা গৈছে যে, নখৰ ভিতৰত পোৱা এই বেক্টেৰিয়া আৰু ভেঁকুৰ বেছিভাগ ক্ষেত্ৰতে হানিকাৰক, কিন্তু যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা নখত আঘাত বা সংক্ৰমণ হৈছে এনে ক্ষেত্ৰত ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণৰ লক্ষণসমূহ হ’ল নখৰ ৰং সলনি হোৱা, ফুলা, বিষ আৰু পূজ ৷ এনে পৰিস্থিতিত নখৰ সঠিক যত্ন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ হৈ পৰে ৷

নখৰ যত্নৰ টিপছ

  • দিনটোত কমেও দুবাৰকৈ চাবোন পানীৰে হাত আৰু নখ ভালদৰে পৰিষ্কাৰ কৰিব লাগে ৷
  • নখৰ তলত জমা হোৱা মলি পৰিষ্কাৰ কৰিবলৈ কোমল ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে ৷
  • নখ অধিক দীঘল হ’বলৈ নিদিব আৰু নিয়মিতভাৱে নখ কাটি থাকিব ৷
  • নেইল পলিচ লগোৱাৰ পূৰ্বে আৰু পিছত নখ পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব ৷
  • নখত কোনো ধৰণৰ সংক্ৰমণ বা অস্বাভাৱিক লক্ষণ দেখিলে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC6220742/

লগতে পঢ়ক:কেতিয়াবা ভাবিছেনে নখ-চুলি কাটিলে আমি কিয় বিষ অনুভৱ নকৰো

ABOUT THE AUTHOR

...view details