ETV Bharat / health

কেতিয়াবা ভাবিছেনে ? চিগাৰেট সেৱনে আপোনাৰ হৃদযন্ত্ৰৰ কিদৰে ক্ষতি কৰিব পাৰে

চিগাৰেট খোৱাটো কেৱল সমাজৰ বাবেই নহয় বৰঞ্চ আপোনাৰ স্বাস্থ্যৰ বাবেও অতি ক্ষতিকাৰক । ই কিদৰে আপোনাৰ হৃদযন্ত্ৰৰ ক্ষতিসাধন কৰে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

author img

By ETV Bharat Health Team

Published : 2 hours ago

How Smoking Can Affect Your Heart Health
কেতিয়াবা ভাবিছেনে ? চিগাৰেট সেৱনে আপোনাৰ হৃদযন্ত্ৰৰ কিদৰে ক্ষতি কৰিব পাৰে (ETV Bharat)

আমি সকলোৱে জানো যে ধূমপান আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক, তথাপিও বহুতে চিগাৰেট, হুকা, বীডি, চৰা আৰু গাঞ্জা খোৱাৰ পৰা বিৰত নাথাকে ৷ ই এটা লাহে লাহে বিষ যিয়ে আমাৰ শৰীৰৰ আভ্যন্তৰীণ ক্ষতি কৰে ৷ এই বেয়া নিচাৰ পৰা যিমান সোনকালে মুক্তি পাব সিমানেই ভাল হ’ব আৰু লগতে আপোনাৰ ঘনিষ্ঠসকলক ধূমপান বন্ধ কৰক ৷ ডাঃ ইমৰাণ আহমেদৰ পৰা জনাওক চিগাৰেট খোৱাৰ ফলত হৃদযন্ত্ৰকে ধৰি কোনবোৰ অংগৰ ক্ষতি হয় ৷

চিগাৰেট সেৱনৰ পাৰ্শ্বক্ৰিয়া

১/ ব্লাড চুগাৰ বৃদ্ধি পাব

চিগাৰেট খোৱাৰ ফলত ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় ৷ ডায়েবেটিছ ৰোগীৰ বাবে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি কঠিন ৷ ধঁপাতেও ডায়েবেটিছকে ধৰি বহু ধৰণৰ ঔষধৰ প্ৰভাৱ কম কৰিব পাৰে ৷ যদি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷

২/ উচ্চ ৰক্তচাপ

অত্যধিক ধূমপান কৰা লোকসকলে প্ৰায়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়, ৰক্তবাহী নলী ফুলা হ’ব পাৰে আৰু ধমনীবোৰৰ ক্ষতি হোৱাৰ আশংকা থাকে ৷ আমাৰ বেছিভাগেই জানে যে উচ্চ বি পিৰ ফলত হাৰ্ট এটেক হ’ব পাৰে ৷

৩/ ৰক্ত সঞ্চালনত প্ৰভাৱ

ধূমপানৰ বাবে যেতিয়া ধমনীবোৰৰ ক্ষতি হয় তেতিয়া ই ৰক্ত সঞ্চালনতো প্ৰভাৱ পেলায় ৷ এনে পৰিস্থিতিত তেজৰ যোগেদি শৰীৰৰ বহু অংশত অক্সিজেন সঠিকভাৱে নপৰে আৰু তাৰ পিছত শৰীৰৰ বিষ, ভৰিৰ বিষৰ দৰে অভিযোগ হ’ব পাৰে ৷

৪/কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব

ধূমপানে কলেষ্টেৰলৰ মাত্ৰা অধিক আৰু ক’ৰ’নাৰী ধমনী ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ ধূমপানে এইচ ডি এল (ভাল কলেষ্টেৰল) হ্ৰাস কৰে আৰু এল ডি এল (বেয়া কলেষ্টেৰল) বৃদ্ধি কৰে ৷ যদি এইটো নিয়ন্ত্ৰণ কৰা নহয় তেন্তে হাৰ্ট এটেক প্ৰায় নিশ্চিত ৷

https://www.nhlbi.nih.gov/health/heart/smoking

লগতে পঢ়ক: ধোঁৱামুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে অভিযান - Anti tobacco campaign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.