ETV Bharat / state

পৰিস্থিতি ভয়াৱহ ! ৩৩ লক্ষাধিক নিবনুৱাৰ তালিকাত ৭ লক্ষাধিক স্নাতক, লক্ষাধিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ নাম

Unemployment problem: দ্ৰুত হাৰত অসমত বাঢ়িছে নিবনুৱাৰ সংখ্যা ৷ নিবনুৱাৰ শেহতীয়া পৰিসংখ্য়াই চকু কপালত তুলিব আপোনাৰ ৷ সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন-

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Unemployment problem
দ্ৰুত হাৰত অসমত বাঢ়িছে নিবনুৱাৰ সংখ্যা (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ: অসম চৰকাৰে চাকৰি প্ৰদান আৰু সংস্থাপনৰ বাবে অনুদান দিয়াৰ ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে চমক সৃষ্টি কৰাৰ বিপৰীতে ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সংখ্যা । ইফালে নিজৰ ৰাজ্যখনত সংস্থাপনৰ বাট মোকলাব নোৱাৰি বহু যুৱক-যুৱতী বহিঃৰাজ্যলৈ ধাৱমান হৈছে । অতি উদ্বেগৰ বিষয় যে বিগত দহ মাহত ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা প্ৰায় ১৩ লাখ বৃদ্ধি পালে । অৰ্থাৎ মাহে গড়ে এক লাখৰো অধিক নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ।

লক্ষণীয় বিষয় যে নিৰ্বাচনৰ সময়ত বিজেপিৰ অন্যতম এটা ইছ্যু আছিল নিবনুৱা সমস্যাৰ সমাধান । ২০১৬ চনৰ নিৰ্বাচনতে অসমৰ ভয়াৱহ নিবনুৱা সমস্যাক এটা ইছ্যু হিচাপে লৈছিল বিজেপিয়ে । কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল । বৰ্তমান সময়ত অত্যন্ত ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ নিবনুৱা সমস্যা ।

Unemployment problem grips Assam
নিবনুৱা পঞ্জীয়নৰ পৰিসংখ্যা (State Employment exchange)

ৰাজ্যত কিমান বৃদ্ধি পালে পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যা:

বৰ্তমান সময়ত ৰাজ্যৰ ৩৪,২৮,৭৬৩ গৰাকী নিবনুৱাই নিয়োগ বিনিময় প'ৰ্টেলত নিজৰ নাম পঞ্জীয়নৰ বাবে আবেদন কৰিছে । ইয়াৰ ভিতৰত ১৯,৭৮,৫৫৮ জন পুৰুষ, ১৪,৪৯,৬২৮ গৰাকী মহিলা আৰু ৫৭৭ গৰাকী তৃতীয় লিংগৰ নিবনুৱা । আনহাতে প'ৰ্টেলত পঞ্জীয়নৰ বাবে কৰা আবেদনৰ ভিতৰত ৬৫,৮৯৪ খন আবেদন নাকচ কৰা হৈছে আৰু ৩,৬৯৫ খন আবেদন বিচাৰহীন হৈ আছে । সেই হিচাপত আজিৰ তাৰিখত অসমত পঞ্জীয়নভুক্ত মুঠ নিবনুৱাৰ সংখ্যা হৈছে ৩৩,৫৯,১৭৬ গৰাকী ।

লক্ষণীয় বিষয় যে ৰাজ্যত প্ৰত্যেক মাহে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । পঞ্জীয়নভুক্ত নিবনুৱাৰ উপৰিও পঞ্জীয়ন নোহোৱাকৈ থকা নিবনুৱাৰ সংখ্যাই এই সংখ্যাক যথেষ্ট প্ৰভাৱিত কৰিব । উল্লেখ্য যে ৰাজ্যৰ নিয়োগ বিনিময় প'ৰ্টেলৰ তথ্য অনুসৰি ২০২৩ চনৰ ৩ ডিচেম্বৰ পৰ্যন্ত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১,৩,০২৫ গৰাকী । ইয়াৰে গুৱাহাটীৰ আছিল ১,৯৭,৭৮৩ গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা । কিন্তু আজিৰ তাৰিখত সেই সংখ্যা ৩৩,৫৯,১৭৬ গৰাকীলৈ বৃদ্ধি পালে ।

Unemployment problem grips Assam
লিংগ অনুযায়ী পঞ্জীয়ভুক্ত নিবনুৱাৰ পৰিসংখ্যা (State Employment exchange)

শিক্ষাগত অৰ্হতাৰ ভিত্তিত নিবনুৱা :

ৰাজ্যখনৰ পঞ্জীয়নভুক্ত মুঠ ৩৩,৫৯,১৭৬ গৰাকী নিবনুৱাৰ ভিতৰত সৰ্বাধিক ১২,৮৮,৪৭৩ গৰাকী উচ্চতৰ মাধ্যমিক উত্তীর্ণ । সেইদৰে নিবনুৱাৰ পঞ্জীয়নভুক্ত তালিকাত আছে ৭,২৯,১৩২ গৰাকী স্নাতক ডিগ্ৰীধাৰী; ১,০৪,৫৬৫ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী; ১৩,৯৮৫ গৰাকী আই টি আই উত্তীৰ্ণ নিবনুৱা আছে । সেইদৰে দশম শ্ৰেণী উত্তীৰ্ণ ৪,৮৩,১৬৫ গৰাকী; পিজি ডিপ্লমাধাৰী ২৪৬৭ গৰাকী; ডক্টৰেট ডিগ্ৰীধাৰী ৭৯৮ গৰাকী নিবনুৱা আছে । আনহাতে পঞ্জীয়নভুক্ত অশিক্ষিত নিবনুৱা আছে ৫৬১ গৰাকী ।

Unemployment problem grips Assam
নিয়োগ বিনিময় কেন্দ্ৰৰ দ্বাৰা নিযুক্তিৰ পৰিসংখ্যা (Directorate of Employment and craftsmen training)

নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত নিবনুৱাৰ সংখ্যা :

পঞ্জীয়ন কেন্দ্ৰৰ নামনিবনুৱাৰ সংখ্যাপঞ্জীয়ন কেন্দ্ৰৰ নামনিবনুৱাৰ সংখ্যাপঞ্জীয়ন কেন্দ্ৰৰ নামনিবনুৱাৰ সংখ্যাপঞ্জীয়ন কেন্দ্ৰৰ নামনিবনুৱাৰ সংখ্যাপঞ্জীয়ন কেন্দ্ৰৰ নামনিবনুৱাৰ সংখ্যা
বঙাইগাঁও৯২৫৩৩গোৱালপাৰা৭৭০৮৮শিৱসাগৰ ১১৯৭৯৭ৰামকৃষ্ণ নগৰ১৯০৬১পাথাৰকান্দি১৮২৩৯
হাফলং২৮৩৫৮ গোলাঘাট ১০৬১৩০তেজপুৰ ১০০১০৭ৰঙিয়া৯৪৪৫৫সোণাৰি৩৩১৮৮
যোৰহাট১৪২২৭৮গুৱাহাটী ৩০৭৩০৪ তিনিচুকীয়া৩৭৬১১ শদিয়া১১৮৭৯ওদালগুৰি৯২৫১১
নগাঁও১৩২০৮০হাইলাকান্দি৬৪৭০৩ডিগবৈ৩০৬৩৬ধনশিৰি১৯৫০৯ৰামকৃষ্ণ নগৰ৪৬৭
শিলচৰ১৪৮২৫১ কৰিমগঞ্জ ৫০৮৬৯ডুমডুমা৩৭৫৮৮বিশ্বনাথ চাৰিআলি৭৮৯১০অসম কৃষি বিশ্ববিদ্যালয়৪৯২৫
বৰপেটা২০৩৬৫১কোকৰাঝাৰ৯৩৪৫৪গৰমপানী২২৮৯বোকাজান১২৯৫২ ডিব্ৰুগড় বিশ্ববিদ্যালয়১৮৭৫
ধেমাজি ৮০৮৮৪ মঙলদৈ ১০৭৯৭১গোসাঁইগাঁও ২৮৩৭০দুলিয়াজান৪১৪৬৪গুৱাহাটী বিশ্ববিদ্যালয়১৩৩৫
ধুবুৰী ১২৮২৪০ মৰিগাঁও ৬৩৪৭০ হাটশিঙিমাৰী২২০৮৩হামৰেন৪১৪৬৪
ডিব্ৰুগড়৮২১০১ নলবাৰী ১৯৪৬৪২হোজাই৫৬৬১১মাজুলী ৪০০৬০
ডিফু৪৭৩৮৬নাজিৰা ২০৫১১কলিয়াবৰ২৫৩৬৫মৰাণহাট৩২৫৮০
লখিমপুৰ ১৫৭১২৯ জোনাই২২৭১৮জাগীৰোড২২৫৪৭নামৰূপ৪০০৬৬

অৰ্থনৈতিক ছাৰ্ভে অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্য :

অৰ্থনৈতিক ছাৰ্ভে অসমৰ ২০২৩-২৪ বৰ্ষৰ তথ্য অনুসৰি ২০১৯ চনত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী । ২০২০ চনত এই সংখ্যা আছিল ২০,৮০,৭৬৭ গৰাকী । আনহাতে ২০২১ চনত এই সংখ্যা আছিল ২২,০০,১২৫ গৰাকী । কিন্তু ২০২২ চনত প্ৰায় ১০ লাখ বৃদ্ধি হৈ এই সংখ্যা হৈছিল ৩২,৩৪,৭৩৮ গৰাকী । অৱশ্যে ক'ভিডৰ প্ৰভাৱৰ বাবে নিবনুৱাৰ সংখ্যা এনেদৰে বৃদ্ধি পাইছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যখনত পুনৰ ভয়াৱহ হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । চৰকাৰে জনতাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে যদিও ভয়াৱহ হাৰত নিবনুৱা সমস্যা বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ।

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যৱস্থা ডিজিটেল মাধ্যমলৈ উন্নীত কৰিছে । অনলাইন পঞ্জীয়ন ব্যৱস্থা হোৱাৰ পাছত নিবনুৱাৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছিল যদিও পঞ্জীয়ন নবীকৰণ হোৱাৰ পাছত ইয়াৰ সংখ্যা অধিক বৃদ্ধি পাইছে ।

নিবনুৱা সমস্যা সন্দৰ্ভত কি কয় বিৰোধীয়ে :

ৰাজ্যখনত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । এফালে চৰকাৰে সংস্থাপন দিয়া তথা যুৱক-যুৱতীক আৰ্থিক অনুদান দিয়াৰ কথা কৈ ডাঙৰ ডাঙৰ বিজ্ঞাপনেৰে চমক দিব বিচাৰিছে । কিন্তু ইয়াৰ বিপৰীতে নিবনুৱাৰ গ্ৰাফডাল ঊৰ্দ্ধমুখী হৈছে । আনহাতে নিবনুৱাৰ প্ৰসংগত চৰকাৰী পক্ষই তথ্যৰ বিপৰীতেও কথা কোৱা দেখা যায় । এই সন্দৰ্ভত ই টিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰদেশ মহিলা কংগ্ৰেছে সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘‘আমি আগতেই কৈ আহিছো যে যিখন চৰকাৰে বছৰি পাঁচ লাখকৈ চাকৰি দিম বুলি কৈছিল, এতিয়া বছৰি পাঁচ লাখ চাকৰি দিয়াৰ কথা বাদেই নিয়োগ বিনিময় কেন্দ্ৰত ৩৪ লাখৰ ওপৰত নিবনুৱাৰ নাম পঞ্জীয়ন হৈ আছে । তদুপৰি পঞ্জীয়ন নকৰাকৈও বহুত নিবনুৱা আছে । এই সমস্যা থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰি কৈ থাকে যে অসম বিকশিত হৈছে তথা যুৱপ্ৰজন্মৰ মুখত হাঁহি বিৰিঙিছে । মুখ্যমন্ত্ৰীয়ে নানান অপপ্ৰচাৰ চলাই থাকে ।’’

‘‘১৬ হাজাৰ চাকৰিৰ বাবে ৩২ লাখ ল'ৰা-ছোৱালীয়ে আবেদন কৰিবলগীয়া হৈছে । সেইদৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিবলগীয়া হৈছে । অসমখনৰ যে উন্নয়ন হোৱা নাই, যুৱপ্ৰজন্মৰ যে সংস্থাপন হোৱা নাই সেই কথা চৰকাৰী ডাটাবোৰতে দেখিবলৈ পোৱা যায় । আমি কৈ আহিছো যে এইগৰাকী এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী । তথ্য বিভ্ৰান্ত কৰিছে । এইখন চৰকাৰ ধাৰৰ ওপৰত চলি আছে । মুখ্যমন্ত্ৰীয়ে তথ্যৰ বিপৰীতে গাৰ জোৰেৰে মিছাটো সঁচা কৰিব বিচাৰে । এইখন চৰকাৰৰ কোনো অৰ্থনৈতিক ৰোডমেপ নাই ।’’ নেত্ৰীগৰাকীয়ে লগতে কয় ৷

লগতে পঢ়ক: তিনি বছৰে পূৰণ নহ’ল প্ৰতিশ্ৰুতি: নিবনুৱাৰ নাম পঞ্জীয়নক লৈ নিত্য-নতুন নিয়ম - Employment Exchange Portal

অসমত ভয়াৱহ নিবনুৱা সমস্যা : সংস্থাপনৰ আশাত ৫৫ শতাংশৰ বহিঃৰাজ্যলৈ ঢাপলি - EMPLOYMENT REPORT OF INDIA 2024

ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী - unemployment problem in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.