ETV Bharat / bharat

এনৰেগা জব কাৰ্ডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব ?

NREGA Job Card: জব কাৰ্ডে গ্ৰামাঞ্চলৰ লোকসকলক কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰে । আপুনি ইয়াৰ বাবে যোগ্য হয়নে ? কেনেকৈ কৰিব আবেদন ?

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

NREGA Job Card
এনৰেগা জব কাৰ্ডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব ? (ETV Bharat)

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫ এ গ্ৰাম্য নাগৰিকসকলক নিয়োগৰ নিশ্চয়তা প্ৰদান কৰে । ইয়াৰ বাবে আপোনাক এখন এনৰেগা জব কাৰ্ড লাগিব । জব কাৰ্ড এখনৰ বাবে আবেদন কৰাটো এতিয়া আগতকৈ সহজ হৈছে ।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ (এমজিএনৰেগা) অধীনত চৰকাৰে গ্ৰামাঞ্চলৰ নিবনুৱাসকলক ১০০ দিনৰ জীৱিকাৰ সুযোগ প্ৰদান কৰে । যদি আপুনি আপোনাৰ গাঁও পঞ্চায়তত এমজিএনৰেগাৰ অধীনত কাম কৰি আছে, আপোনাৰ ওচৰত এনৰেগা জব কাৰ্ড থাকিব লাগিব । এই কাৰ্ডখনে আপোনাক বহুতো চৰকাৰী আঁচনিৰ সুবিধা লোৱাত সহায় কৰিব । লগতে, আপোনাৰ কামৰ তথ্যও ইয়াত লিপিবদ্ধ কৰা হ'ব, যাতে আপুনি কৰা কামৰ সম্পূৰ্ণ তথ্য চৰকাৰৰ হাতত থাকে । কিন্তু জব কাৰ্ড এখনৰ বাবে কেনেদৰে আবেদন কৰিব লাগে, ইয়াৰ বাবে যোগ্যতা কি ?

এনৰেগা জব কাৰ্ডৰ বাবে অনলাইন কেনেদৰে আবেদন কৰিব :

প্ৰথমতে, আপুনি উমাঙৰ (Umang) অফিচিয়েল ৱেবছাইট বা উমাং এপ (Umang App) লৈ যাব লাগিব । তাৰ পিছত, আপুনি পঞ্জীয়ন বা লগ ইন কৰিব লাগিব । এমজিএনৰেগা জব কাৰ্ড এপ্লিকেশ্বনত ক্লিক কৰিব ।

আপুনি এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব, য'ত আপোনাৰ সাধাৰণ তথ্য আৰু পৰিয়ালৰ মুৰব্বীৰ নাম, ৰেচন কাৰ্ড নম্বৰ আদি পূৰণ কৰিব লাগিব । ইয়াৰ পিছত, আপুনি আপোনাৰ ফটো আপলোড কৰিব লাগিব আৰু 'জব কাৰ্ডৰ বাবে আবেদন কৰক'ত ক্লিক কৰিব লাগিব । ইয়াৰ পিছত, আপোনাৰ প্ৰপত্ৰ দাখিল কৰা হ'ব আৰু আপুনি এক পঞ্জীয়ন নম্বৰ লাভ কৰিব ।

এনৰেগা জব কাৰ্ডৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ :

  • আধাৰ কাৰ্ড
  • ঠিকনাৰ প্ৰমাণ
  • বয়সৰ প্ৰমাণপত্ৰ
  • ৰেচন কাৰ্ড
  • জাতিৰ প্ৰমাণপত্ৰ
  • মোবাইল নম্বৰ
  • উপাৰ্জনৰ প্ৰমাণপত্ৰ
  • পাছপোৰ্ট আকাৰৰ ফটো ইত্যাদি ।

এনৰেগা জব কাৰ্ডৰ লাভালাভ :

  • জব কাৰ্ড থকা লোকে প্ৰতি বছৰে ১০০ দিনৰ নিয়োগৰ গ্যেৰাণ্টি লাভ কৰে ।
  • জব কাৰ্ড থকা লোকে দৈনিক কামৰ বাবে এক নিৰ্ধাৰিত পৰিমাণ লাভ কৰে, যাক তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয় ।
  • যিহেতু চৰকাৰী আঁচনিত জব কাৰ্ড ধাৰকসকলক অগ্ৰাধিকাৰ দিয়া হয়, এই কাৰ্ডৰ জৰিয়তে বহুতো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰি ।
  • জব কাৰ্ড এখনত শ্ৰমিকসকলৰ কাম উল্লেখ কৰা হয়, যাৰ জৰিয়তে চৰকাৰে শ্ৰমিকসকলক জীৱিকাৰ নিশ্চয়তা দিয়ে ।

লগতে পঢ়ক :চৰকাৰী ভৱনৰ বাবে 'কালাৰ কোড'ৰ নিৰ্দেশনা ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.