অসম

assam

ETV Bharat / health

এদিনত কেইটা কণী খোৱাটো নিৰাপদ ? বিশেষজ্ঞৰ পৰা জানি লওক - Egg For Health - EGG FOR HEALTH

Egg yolk is good or bad: কণী হৈছে পুষ্টিকৰ উপাদানৰে ভৰা এবিধ ছুপাৰফুড । কিন্তু একাংশ লোকে কুহুম খালে তেওঁলোকৰ কলেষ্টেৰল বৃদ্ধি হোৱাৰ আশংকাত ভোগে । যদি আপোনাৰো এনে ধাৰণা আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

How many Egg to eat Daily
এদিনত কেইটা কণী খোৱাটো নিৰাপদ ? বিশেষজ্ঞৰ পৰা জানি লওক (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 4:18 PM IST

কণী হৈছে পুষ্টিকৰ উপাদানৰে ভৰা এবিধ ছুপাৰফুড, যাক কিছুমানে নিৰামিষ বুলিও গণ্য কৰে আৰু কোনোৱে আকৌ ইয়াক আমিষ বুলিও গণ্য কৰে ৷ যিহেতু কণী প্ৰ’টিনৰ এক মূল উৎস ৷ ইয়াৰ বাবেই জিমলৈ যোৱা লোকৰ ই প্ৰথম পছন্দ ৷ অৱশ্যে কণীৰ হালধীয়া অংশটোক লৈ যথেষ্ট বিতৰ্ক চলাও পৰিলক্ষিত হয় ৷ কোনো কোনোৱে ইয়াৰ সেৱন ক্ষতিকাৰক বুলি কোৱাৰ বিপৰীতে কোনোৱে আকৌ কয় যে ই শৰীৰৰ বাবে উপকাৰী ৷

ইয়াৰ বাবেই বহুতৰে মাজত এই বিভ্ৰান্তিৰ সৃষ্টি হয় যে কণীৰ কুহুম (হালধীয়া অংশ) খাব লাগে নে নালাগে ৷ এনে পৰিস্থিতিত যদি আপুনিও এই দ্বিধাদ্বন্দ্বৰ সন্মুখীন হৈছে, তেন্তে আজি আমি আপোনাৰ এই সমস্যাৰ সমাধান দিবলৈ ওলাইছো, সেয়ে আজি আমি কণীৰ হালধীয়া অংশ যাক কুহুম বুলিও কোৱা হয় ইয়াক খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক নে উপকাৰী ? বিশেষজ্ঞৰ পৰা জানিবলৈ চেষ্টা কৰো আহক-

তেজৰ কলেষ্টেৰল বৃদ্ধি নহয়

হায়দৰাবাদ এপ’ল’ হাস্পতালৰ স্নায়ু বিশেষজ্ঞ ডাঃ সুধিৰ কুমাৰৰ মতে, কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে, কিন্তু কুহুম খালে তেওঁলোকৰ কলেষ্টেৰল বৃদ্ধি পাব পাৰে বুলি একাংশ লোকৰ আশংকা থাকে, কিন্তু এইটো সঁচা নহয় ৷ ডাঃ সুধিৰ কুমাৰে কয় যে, কণীত কলেষ্টেৰল থাকে, কিন্তু ই হৈছে খাদ্যৰ কলেষ্টেৰল, যিয়ে তেজৰ কলেষ্টেৰল বৃদ্ধি নকৰে ৷

ডাঃ সুধিৰৰ মতে, কোনো ভয় নকৰাকৈ নিঃসংকোচে সীমিত পৰিমাণত কণী খাব লাগে ৷ কণী খালে আপুনি প্ৰ’টিনৰ লগতে শৰীৰৰ বাবে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানো লাভ কৰিব পাৰে ৷ চিকিৎসকে কয় যে, দৈনিক দুটালৈকে কণী সেৱন কৰিলে প্ৰাপ্তবয়স্কসকলৰ কলেষ্টেৰলৰ ওপৰত কোনো প্ৰভাৱ নপৰে ৷

কিমান পৰিমাণে কণী খোৱাটো নিৰাপদ ?

যদি আপোনাৰ খাদ্যত কলেষ্টেৰলৰ পৰিমাণ বেছি হয় তেন্তে কণীৰ পৰিমাণ সীমিত কৰাটোৱেই উত্তম ৷ কিছু গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতিদিনে ১-২টা কণী খোৱাটো নিৰাপদ আৰু ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যও উপকৃত হ’ব পাৰে ৷

৩৮ জন সুস্থ প্ৰাপ্তবয়স্কৰ ওপৰত কৰা এক সৰু অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে ৩টা কণী খালে LDL আৰু HDLৰ মাত্ৰা আৰু LDLৰ পৰা HDL লৈ অনুপাত বৃদ্ধি পায় ৷ তথাপিও বিশেষজ্ঞসকলে প্ৰতিদিনে ২টাতকৈ অধিক কণী খোৱাৰ পৰামৰ্শ দিবলৈ দ্বিধাবোধ কৰে ৷ এতিয়াও বহুতে মাত্ৰ দিনটোত ১টা কণী খাবলৈ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক:এদিনত চাৰিটাকৈ কণী ! ভুলতো আশা নকৰিব পজিটিভ ৰিজাল্ট - how much egg per day is good

ABOUT THE AUTHOR

...view details