অসম

assam

ETV Bharat / health

যদি সুস্থ হৈ থাকিব বিচাৰে তেন্তে কোনে কিমান দূৰ খোজ কঢ়াটো উচিত ? - WALKING ACCORDING TO AGE - WALKING ACCORDING TO AGE

WALKING ACCORDING TO AGE: যিকোনো বয়সৰ যিকোনো ব্যক্তিয়ে যিকোনো সময়তে যিকোনো ঠাইতে সহজে কৰিব পৰা একমাত্ৰ ব্যায়ামটোৱেই হৈছে খোজ কঢ়া ! বিশেষজ্ঞসকলে কয় যে, দৈনিক খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম । কিন্তু, আপুনি জানেনে এজন পুৰুষে সুস্থ হৈ থাকিবলৈ যিকোনো বয়সতে কিমান খোজ কঢ়াটো উচিত ? আজি এই বিষয়ে জানো আহক-

Do you know how many miles people of any age should walk to maintain good health?
যদি সুস্থ হৈ থাকিব বিচাৰে তেন্তে কোনে কিমান দূৰ খোজ কঢ়াটো উচিত ? (SOURCE: FREEPIK)

By ETV Bharat Assamese Team

Published : May 6, 2024, 7:32 PM IST

আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ সুষম খাদ্য গ্ৰহণ কৰাই নহয় ব্যায়াম কৰাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ কিন্তু, আজিকালি বহুলোকে বিভিন্ন কাৰণত শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি থাকে ৷ ইয়াৰ বাবেই বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাই আমাৰ শৰীৰত বাহৰ পাতে ৷

গতিকে, বিশেষজ্ঞসকলে কয় যে, যিসকলে জিমলৈ গৈ ব্যায়াম কৰিব নোৱাৰে তেওঁলোকে দৈনিক আধা ঘণ্টা খোজ কাঢ়িব লাগে ৷ খোজ কঢ়াৰ অভ্যাসে আপোনাক ফিট কৰি ৰখাৰ উপৰিও স্বাস্থ্যৰ বহু উপকাৰিতাও সাধন কৰে বুলি গণ্য কৰা হয় ৷ কিন্তু, এতিয়া জানো আহক যিকোনো বয়সৰ লোকে সুস্থ হৈ থাকিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷

খোজ কঢ়াৰ সুবিধাসমূহ:

  • বিশেষজ্ঞসকলে কয় যে, দৈনিক খোজ কঢ়াই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷ ইয়াৰ উপৰিও হাৰ্ট এটেক ৰোধ কৰিব বুলি কোৱা হৈছে ৷ ২০১৯ চনত "দ্য লেন্সেট" জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে সপ্তাহত পাঁচ দিন ৩০ মিনিট খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা ২৭ শতাংশ হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰিছে ৷ এই গৱেষণাত টেক্সাছ এ এণ্ড এম হেল্থ চাইন্সেছ চেণ্টাৰৰ অধ্যাপক হিচাপে কাম কৰা ডাঃ ষ্টিভেন জে ব্লেয়াৰে অংশগ্ৰহণ কৰিছিল ৷ তেওঁৰ দাবী যে সপ্তাহত ৫ দিন আধা ঘণ্টা খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷
  • খোজ কঢ়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ ইয়াৰ ফলত বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা পৰে ৷
  • খোজ কঢ়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় ৷ বিশেষজ্ঞসকলে কৈছে যে তেজত থকা অশুদ্ধি ঘামৰ যোগেদি আঁতৰি যায় ৷
  • উচ্চ ৰক্তচাপত ভোগা লোকসকলে খোজকাঢ়ি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷
  • ডায়েবেটিছ ৰোগীয়ে দৈনিক খোজকাঢ়ি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷
  • লগতে নিয়মীয়া ব্যায়ামে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে ৷
  • মানসিক বিষণ্ণতা, উদ্বেগ আৰু মানসিক চাপত ভুগি থকা লোকসকলে দৈনিক খোজকাঢ়ি ভাল ফলাফল লাভ কৰিব পাৰে ৷

প্ৰতিদিনে কিমান দূৰ খোজ কাঢ়িব লাগে ?

  • এজন পুৰুষে সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কাঢ়িব লাগে ৷
  • বিশেষজ্ঞসকলে কয় যে, আধা ঘণ্টা খোজ কাঢ়িলে প্ৰায় ১০ হাজাৰ খোজ দিয়া হয় ৷
  • কিন্তু ৫ বছৰৰ পৰা ৭ বছৰৰ ভিতৰৰ শিশুৱে দৈনিক ১২,০০০ৰ পৰা ১৫,০০০ খোজ কাঢ়িব লাগে ৷
  • বিশেষজ্ঞসকলে কয় যে, ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ লোকে প্ৰতিদিনে ১২ হাজাৰ খোজ কাঢ়িব লাগে ৷
  • ৪০ বছৰৰ উৰ্ধৰ লোকক ১১ হাজাৰ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে ৷
  • বিশেষজ্ঞসকলে কয় যে, ৫০ বছৰৰ উৰ্ধৰ লোকসকলে ১০ হাজাৰ খোজ কাঢ়িলে সুস্থ হ’ব পাৰে ৷
  • বিশেষজ্ঞসকলে কয় যে, ৬০ বছৰৰ উৰ্ধৰ লোকে দৈনিক ৮ হাজাৰ খোজ কাঢ়িলে উপকৃত হ’ব পাৰে ৷

লগতে পঢ়ক:ৰুটি ফুলিবই ফুলিব ! অনুসৰণ কৰক এই টিপছ - ROTI MAKING TIPS

ABOUT THE AUTHOR

...view details