অসম

assam

ETV Bharat / health

আপুনিও নিতৌ মুখত ঘঁহে নেকি নেমু ? তেন্তে ৰ’ব... - Lemon For Skin

Side Effects of Lemon For Skin: ছালত নেমু লগোৱাটো এটা ভাল অভ্যাস, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া সমূহো আওকাণ কৰিব নোৱাৰি ৷ যদি আপুনিও মুখত নেমু প্ৰায়েই ঘঁহে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে-

Do you also rub lemon on your face? Then be careful, it can cause serious damage
আপুনিও মুখত ঘঁহে নেকি নেমু ? তেন্তে ৰ’ব... (FREEPIK)

By ETV Bharat Health Team

Published : Sep 3, 2024, 5:33 PM IST

নেমু টেঙা সোৱাদ আৰু প্ৰচুৰ পৰিমাণৰ ভিটামিন চিৰ বাবে জনাজাত ৷ খাদ্যৰ লগতে ইয়াক ছাল উজ্জ্বল কৰিবলৈও ব্যৱহাৰ কৰা হয় ৷ যদিও মুখত নেমু ব্যৱহাৰ কৰাটো ভাল, তথাপিও ইয়াৰ কিছুমান পাৰ্শ্বক্ৰিয়াও আছে ৷ ছালত নেমু লগোৱাৰ পূৰ্বে এই কথা মনত ৰখাটো অতি প্ৰয়োজনীয়, অন্যথা আপোনাৰ ছালৰ কেতিয়াবা ক্ষতিসাধনো হ’ব পাৰে ৷

ছালত নেমু লগোৱাৰ পাৰ্শ্বক্ৰিয়া

নেমুত ছাইট্ৰাছ এচিড থাকে যাৰ ফলত ছালৰ বিষ আৰু ৰঙা পৰা হ’ব পাৰে ৷ বিশেষকৈ সংবেদনশীল ছালৰ লোকৰ বাবে নেমুৰ প্ৰত্যক্ষ ব্যৱহাৰে ছালৰ বিষ বা এলাৰ্জীৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ ফলত ছাল ফুলা, ৰঙা ফোহা, খজুৱতি, চেকচেকনি আদি সমস্যা হ’ব পাৰে ৷

নেমুত থকা এচিডে ছালৰ পৰা আৰ্দ্ৰতা শোষণ কৰিব পাৰে, যাৰ ফলত ছালত অত্যধিক শুকান হৈ পৰে ৷ ইয়াৰ ব্যৱহাৰৰ ফলত ছালত আৰ্দ্ৰতাৰ অভাৱ হ’ব পাৰে, যাৰ ফলত ছালখন শুকান আৰু নিৰ্জীৱ হৈ উঠিব পাৰে ৷ ইয়াৰ ফলত ছালত ফাট আৰু ফ্লেক হ’ব পাৰে ৷

নেমু ব্যৱহাৰ কৰাৰ পিছত ছালখন সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে ৰ’দত পোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ নেমুৰ এচিডিক প্ৰকৃতিৰ বাবে ছালখন সূৰ্য্যৰ UV ৰশ্মিৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰে, যাৰ ফলত ছালত বিষ আৰু দাগ দেখা যায় ৷

নেমু ব্যৱহাৰ কৰিলে কিছুমান মানুহৰ ছালৰ হাইপাৰপিগমেণ্টেচন (ছালত ক’লা দাগ) সমস্যা হ’ব পাৰে ৷ বিশেষকৈ নেমু অত্যধিক বা অবিৰতভাৱে ব্যৱহাৰ কৰিলে এনে হয়, যাৰ ফলত ছালৰ ৰং অসমান আৰু দাগ থাকিব পাৰে ৷

নেমুৰ এচিড আৰু প্ৰাকৃতিক তেলে কিছুমান মানুহৰ এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ ফলত ছালৰ ফোহা, ফুলা, এলাৰ্জী সম্পৰ্কীয় অন্যান্য সমস্যাও হ’ব পাৰে ৷ নেমু ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰাটো বাঞ্ছনীয় অৰ্থাৎ আপোনাৰ ছালৰ বাবে ই যোগ্য হয় নে নহয় পৰীক্ষা কৰাটো যথেষ্ট প্ৰয়োজনীয় যাতে আপোনাৰ ছালত কোনো ধৰণৰ এলাৰ্জীৰ সমস্যা নহয় ৷

লগতে পঢ়ক:ওজন কমাবৰ বাবে নেমুপানী কিমান ফলপ্ৰসূ ? জানি লওক - Lemon Water

ABOUT THE AUTHOR

...view details