অসম

assam

By ETV Bharat Health Team

Published : 4 hours ago

ETV Bharat / health

শৰীৰত আইৰণৰ অভাৱ দূৰ কৰাত লাভদায়ক এইসমূহ খাদ্য - Iron

Iron Rich Foods: তেজত আইৰণৰ অভাৱ হ’লে আমাৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে । আইৰণৰ অভাৱ দূৰ কৰিবলৈ এই খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক-

Consume these healthy foods to help alleviate iron deficiency in the body
শৰীৰত আইৰণৰ অভাৱ দূৰ কৰাত লাভদায়ক এইসমূহ খাদ্য (ETV Bharat)

যদি শৰীৰত আইৰণৰ অভাৱ হয় তেন্তে আমাৰ শৰীৰে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ আইৰণৰ অভাৱে শৰীৰক দুৰ্বল কৰি তোলাই নহয়, এনিমিয়াৰ সমস্যাও সৃষ্টি কৰিব পাৰে ৷ জনাই দিও যে, শৰীৰত আইৰণ, ফলিক এচিড আৰু ভিটামিন বিৰ অভাৱৰ বাবে হিম’গ্লবিন কমিবলৈ আৰম্ভ কৰে যাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ পৰে ৷

কেৱল এয়াই নহয়, হিম’গ্লবিনৰ মাত্ৰা কম হ’লেও বৃক্কত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এনে পৰিস্থিতিত যদি আপুনিও এই সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে এনে কিছুমান খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক যি খাদ্যই শৰীৰত হিম’গ্লবিনৰ অভাৱৰ দূৰ কৰিব পাৰে ৷ আইৰণৰ অভাৱ দূৰ কৰিবলৈ কোনবোৰ খাদ্য আমি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আজি জানি লও আহক-

শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই খাদ্যসমূহ

চাতু:চাতুত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে যি আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ৷ ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে ৰক্তকণিকা উৎপাদন আৰু আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা নিয়ন্ত্ৰণ কৰে ৷

চাতু (ETV Bharat)

শুকান বুট:একাপ শুকান বুটত ৪.৭ মিলিগ্ৰাম আইৰণ থাকে ৷ ইয়াৰ উপৰিও ই ভিটামিন চি প্ৰদান কৰে যিয়ে শৰীৰত আইৰণ শোষণ কৰাত সহায় কৰে ৷ নিয়মিতভাৱে শুকান বুট খালে শৰীৰত আইৰণৰ অভাৱৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷ শুকান বুট, মগু, মচুৰ দাইল, ৰাজমা, বগা ৰাজমা আদি মাহজাতীয় শস্যত প্ৰচুৰ পৰিমাণে আইৰণ থাকে আৰু দুপৰীয়াৰ আহাৰতো আপুনি গ্ৰহণ কৰিব পাৰে ৷

শুকান বুট (ETV Bharat)

ডালিম: ডালিমত প্ৰচুৰ পৰিমাণে ভিটামিন কে, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম আৰু প্ৰ’টিন থাকে ৷ ৰক্তহীনতাৰ বাবে ডালিম খোৱাটো বাঞ্ছনীয় কাৰণ ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে ৷ ডালিমত থকা ভিটামিন চিৰ অধিক পৰিমাণে আমাৰ শৰীৰত থকা আইৰণ সহজে শোষণ কৰাত সহায় কৰে ৷

ডালিম (ETV Bharat)

ৰাগী:ৰাগীত প্ৰচুৰ আইৰণ থাকে, যিটো ৰক্তকণিকা গঠন আৰু ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ অতি প্ৰয়োজনীয় ৷ অংকুৰিত ৰাগীতকৈ পিচি লোৱা ৰাগীত অধিক আইৰণ থাকে, প্ৰতি ১০০ গ্ৰামত ৫১ মিলিগ্ৰাম আইৰণৰ তুলনাত প্ৰতি ১০০ গ্ৰামত ৫ মিলিগ্ৰাম আইৰণ থাকে ৷

ডিমৰু: ভিটামিন আৰু আইৰণ প্ৰচুৰ পৰিমাণে ডিমৰুত পোৱা যায় ৷ ৰাতি ডিমুৰ পানীত তিয়াই ৰাতি পুৱা ডুমুৰ খালে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰি ৷

ডিমৰু (ETV Bharat)

বিট:বিটত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায় ই হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় যিয়ে শৰীৰত ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷ ইয়াত আইৰণ, খাদ্য আঁহ, প্ৰাকৃতিক চেনি, মেগনেছিয়াম, ছডিয়াম আৰু পটাছিয়াম সমৃদ্ধ উৎসও ইয়াত পোৱা যায় ৷ যিয়ে আমাৰ স্বাস্থ্যক সকলো দিশতে উপকৃত হোৱাৰ কাম কৰে ৷

বিট (ETV Bharat)

https://www.mayoclinic.org/diseases-conditions/iron-deficiency-anemia/symptoms-causes/syc-20355034

লগতে পঢ়ক:নিতৌ এনেদৰে পান কৰক আমলখিৰ ৰস...আৰু পাওক এই উপকাৰিতা - Amla Juice

ABOUT THE AUTHOR

...view details