অসম

assam

ETV Bharat / health

আপোনাৰ সন্তানটিয়ে খুব ভয় খায় নেকি ? ইয়াৰ কাৰণ কি - PHOBIAS IN CHILDREN

প্ৰত্যেকটি শিশুৰ মনতে এটা সময়লৈকে ভয় থাকে কিন্তু এটা সময় এয়া নিজাববীয়াকৈ নোহোৱা হৈ যায় যদি নহয় তেন্তে এয়া এক চিন্তনীয় বিষয়-

Childhood Phobias: Causes, Symptoms, and Treatment Options
আপোনাৰ সন্তানটিয়ে খুব ভয় খায় নেকি ? ইয়াৰ কাৰণ কি (ETV Bharat)

By ETV Bharat Health Team

Published : Dec 15, 2024, 12:34 PM IST

সকলো শিশুৰেই নিজা নিজা স্বভাৱ আছে নিজস্ব ইচ্ছা থাকে ৷ কিছুমান শিশুয়ে যদি সকলোৰে সৈতে সময় অতিবাহিত কৰি ভাল পায় তেন্তে আন কিছুমান শিশুৱে আকৌ খুব সৰু সৰু কথাত ভয় খায় ৷ প্ৰকৃততে, এয়া তেওঁলোকৰ বিকাশৰ এটা স্বাভাৱিক অংশ ৷ ধৈৰ্য, বুজাবুজি আৰু আশ্বাসৰ শব্দৰে আপুনি আপোনাৰ সন্তানটিৰ মনৰ পৰা ভয় দূৰ কৰিব পাৰে ৷ আজি এই বিষয়ে আৰু বিতংভাৱে জানো আহক-

ভয়ৰ কাৰণ

সৰু ল'ৰা-ছোৱালীৰ ভয়ৰ বিকাশ এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ ইয়াৰ কাৰণ বিভিন্ন কাৰক হ'ব পাৰে, যেনে:

  • নতুন আৰু অজ্ঞাত পৰিস্থিতি: শিশুৱে নতুন বস্তু আৰু চাৰিওফালৰ পৰিৱেশক প্ৰতি ভয় কৰিব পাৰে, কিয়নো এইসমূহ তেওঁলোকৰ বাবে অপৰিচিত ৷
  • হঠাৎ ডাঙৰকৈ শব্দ হ’লে:শিশুৱে হঠাৎ হোৱা প্ৰচণ্ড শব্দত ভয় কৰিব পাৰে ৷
  • সংগৰ ভয়: শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা পৃথক হোৱাৰ বাবে উদ্বিগ্ন অনুভৱ কৰিব পাৰে, যিটো এটা মুখ্য কাৰণ হয় ৷
  • আন্ধাৰৰ ভয়:আন্ধাৰত কিবা দেখা বা বুজিপোৱাত অসুবিধা হোৱাৰ বাবে শিশুৱে ভয় খাব পাৰে ৷
  • কল্পনা আৰু কাহিনী:শিশুৱে তেওঁলোকৰ কল্পনাত ভূত বা কাল্পনিক চৰিত্ৰক ভয় কৰিবলৈ আৰম্ভ কৰে ৷

শিশুৰ ক্ষেত্ৰত ভয়ৰ লক্ষণ

শিশুৰ ক্ষেত্ৰত যদি কোনো ক্ষেত্ৰত ভয় খায় তেন্তে এই লক্ষণ দেখা দিব পাৰে-

  • ৰাতি হঠাৎ সাৰ পোৱা:শিশুৱে প্ৰায়ে টোপনিত হঠাতে সাৰ পায় আৰু কিবা ভয় লগা অভিযোগ কৰে ৷
  • পিতৃ-মাতৃক সাবটি লোৱা: শিশুৱে ভয়ৰ বাবে পিতৃ-মাতৃৰ ওচৰত থাকিবলৈ বিচাৰে আৰু তেওঁলোকৰ পৰা আঁতৰি যাবলৈ উদ্বিগ্ন হয় ৷
  • শাৰীৰিক লক্ষণ:ভয়ৰ বাবে শিশুৰ ক্ষেত্ৰত ঘাম ওলোৱা, দ্ৰুত হৃদস্পন্দন, তোতলা বা কঁপনি দেখা যাব পাৰে ৷
  • খেলিবলৈ বা বাহিৰলৈ যাবলৈ অনিচ্ছা: শিশুৱে খেলৰ সময়ত নতুন ঠাইলৈ যাবলৈ বা আনৰ সৈতে সংযোগ কৰিবলৈ ভয় কৰিব পাৰে ৷
  • হঠাতে খং বা কান্দোন: এক নিৰ্দিষ্ট পৰিস্থিতিত শিশু এটাই বাৰে বাৰে কান্দিব পাৰে বা খিংখিঙীয়া হ'ব পাৰে ৷

শিশুটোৰ ভিতৰৰ ভয় কেনেদৰে দূৰ কৰিব পাৰি ?

  1. বুজিবলৈ চেষ্টা আৰু ধৈৰ্য্য: শিশুৰ ভয় বুজিবলৈ অভিভাৱকসকল সংবেদনশীল আৰু ধৈৰ্য্যশীল হ'ব লাগে ৷ তেওঁলোকৰ ভয় স্বাভাৱিক ৷
  2. শিশুক সুৰক্ষাৰ অনুভূতি প্ৰদান কৰা:শিশুক আত্মবিশ্বাস দিব যে তেওঁলোক সুৰক্ষিত ৷তেওঁলোকৰ ভয় হ্ৰাস কৰিবৰ বাবে আলিঙ্গন কৰিব, ওচৰত বহি কথা পাতিব ৷
  3. খেলৰ জৰিয়তে সমাধান: শিশুটোক ভয়ৰ অৱস্থাক খেলিমেলি ধৰণে বৰ্ণনা কৰা আৰু ইয়াক এক স্বাভাৱিক পৰিঘটনা হিচাপে দেখুওৱা ৷
  4. ভয়ৰ সন্মুখীন হোৱা:যদি সন্তানে আন্ধাৰলৈ ভয় কৰে, তেনেহ'লে কোঠাৰ পোহৰ লাহে লাহে অফ কৰক আৰু সিহঁতক বুজাই দিয়ক যে ইয়াত ভয়ৰ কোনো কাৰণ নাই আৰু ইয়াৰ সৈতে অভ্যাস কৰিবলৈ দিয়ক ৷
  5. সাধুকথা কোৱা:ভয় দূৰ কৰিবলৈ ইতিবাচক কাহিনী ক'ব আৰু উদাহৰণ দিব, যিয়ে শিশুৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব পাৰে ৷ ভয়লগা বা কোনো ভূত আদি কাহিনী কোৱাৰ পৰা বিৰত ইয়াৰ ফলত তেওঁলোকৰ ভয় আৰু বাঢ়িব পাৰে ৷
  6. নিয়মীয়া ৰুটিন: শিশুৰ ৰুটিন স্থিৰ ৰাখিব যাতে সিঁহতে সুৰক্ষিত আৰু আত্মবিশ্বাসী অনুভৱ কৰে ৷

বি.দ্ৰ: যদি শিশু এটাৰ ভয় দীঘলীয়া সময়ৰ বাবে থাকে বা অতি গুৰুতৰ হয়, পলম নকৰি শিশু মনোৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব ৷

উৎস-https://www.cedars-sinai.org/health-library/diseases-and-conditions---pediatrics/p/phobias-in-children.html#:~:text=Key%20points%20about%20phobias%20in%20children&text=It%20lasts%20for%20at%20least,health%20issues%20in%20family%20members.

https://pmc.ncbi.nlm.nih.gov/articles/PMC7484109/

লগতে পঢ়ক:সন্তানহীনতা বা বন্ধ্যাত্বৰ সমস্যা তথা ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কি ?

ABOUT THE AUTHOR

...view details