গাখীৰক কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয় ৷ ইয়াৰ উপৰিও গাখীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিবোৰ ব্যক্তিৰ দেহৰ বাবে অত্যন্ত প্ৰয়োজনীয় ৷ সেয়েহে শিশুক গাখীৰ খুওৱাবলৈ চিকিৎসক তথা বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ৷ কাৰণ ই হাড় আৰু পেশী শক্তিশালী কৰে আৰু শিশুৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলায় ৷
কিন্তু শিশুৱে প্ৰায়ে গাখীৰ খাবলৈ অনিচ্ছুক হয়, যাৰ বাবে পিতৃ-মাতৃ চিন্তিত হৈ পৰে ৷ যদি আপোনাৰ সন্তানেও গাখীৰ খাব নিবিচাৰে, তেন্তে আপুনি আন কিছুমান বস্তু তেওঁৰ খাদ্যৰ অংশ কৰি ল’ব পাৰে যাতে কেলচিয়ামৰ অভাৱৰ ক্ষতি পূৰণ কৰিব পাৰি ৷
শিশুৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ফলত তেওঁলোকৰ হাড় মজবুত হোৱাই নহয় ৰিকেটৰ (হাড়ৰ ৰোগ যিয়ে কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীক আক্ৰান্ত কৰে) পৰাও ৰক্ষা পৰে ৷ ভিটামিন ডি আৰু কেলচিয়ামৰ অভাৱৰ বাবে ৰিকেটৰ সম্ভাৱনা বৃদ্ধি পায়, সেয়েহে শিশুটিক কেলচিয়াম সমৃদ্ধ খাদ্য দিব লাগে ৷
গাখীৰৰ বাহিৰেও এনে বহু খাদ্য আছে, য’ত কেলচিয়াম ভাল পৰিমাণে পোৱা যায় ৷ এই খাদ্যসমূহ আপুনি আপোনাৰ শিশুৰ খাদ্য তালিকাত যোগ কৰিব পাৰে ৷ যদি শিশুৱে গাখীৰ খাবলৈ ইচ্ছা নকৰে তেন্তে শিশুটিৰ খাদ্যত দৈ আৰু পনিৰ যোগ কৰিব পাৰে ৷ এই দুয়োবিধ দুগ্ধজাত সামগ্ৰীত কেলচিয়াম আৰু অন্যান্য পুষ্টিৰ দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা যায় ৷