অসম

assam

আগষ্ট মাহত সময় থাকোতে ফুৰি আহকগৈ এইসমূহ স্থান - Best places to visit in August

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 6:58 PM IST

Best places to visit in August: আগষ্ট মাহত এইবাৰ দীঘলীয়া হ’বলৈ গৈ আছে বন্ধৰ দিন ৷ ৰাখী বন্ধন, স্বাধীনতা দিৱস, জন্মাষ্টমীৰ দৰে বহু উৎসৱৰ দিন আগষ্ট মাহত আহি পৰিছে । সেয়ে এই সময়ছোৱাত আপুনি তলত উল্লেখিত এই ঠাইসমূহ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ চাওক তালিকা-

Best places to visit in August, know the details
আগষ্ট মাহত ভ্ৰমণৰ বাবে উত্তম স্থান (CANVA)

বাৰিষাৰ সময়ত ভ্ৰমণ কৰাটো এক বেলেগ ধৰণৰ আমেজ ৷ এই সময়ত প্ৰকৃতিৰ এক সুন্দৰ দৃশ্য দেখা যায় ৷ চাৰিওফালে সেউজীয়া, জলপ্ৰপাত আৰু প্ৰকৃতিৰ মনোৰম দৃশ্য দেখি মনটো সুখী হৈ পৰে ৷ দৈনন্দিন কাম-কাজ আৰু ব্যস্ত জীৱনশৈলীৰ মাজতে কেইদিনমান ভ্ৰমণলৈ গৈ বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে সময় কটালেও মনটোৱে শান্তি লাভ কৰে ৷ ধুনীয়া ধুনীয়া ঠাইলৈ গৈ ফটো তুলিও ভাল লাগে ৷ বিশেষকৈ প্ৰকৃতিৰ ফটোগ্ৰাফী কৰি ভাল পোৱাসকলে এনে ঠাইবোৰ ভ্ৰমণ কৰি প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পচন্দ কৰে ৷

সেয়ে যদি আপুনিও আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এনে ঠাইবোৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই আগষ্ট মাহৰ এই সময়ছোৱাত প্ৰাকৃতিক দৃশ্যই মনোমোহা ৰূপ ধাৰণ কৰিছে আৰু তলত উল্লেখিত এই বিশেষ স্থানসমূহলৈ যোৱাৰ বাবে আপুনি পৰিকল্পনা কৰিব পাৰে-

ওৰ্ছা

মধ্যপ্ৰদেশৰ নিৱাৰী জিলাত অৱস্থিত ওৰ্ছা এখন ঐতিহাসিক চহৰ ৷ এই ঠাইখন ঝান্সীৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ ভ্ৰমণৰ বাবে ইয়াত বহু ঠাই আছে ৷ ইয়াত বেতোৱা নদীৰ পাৰত অৱস্থিত ৰাম ৰাজা মন্দিৰ, জাহাংগীৰ দুৰ্গ, ওৰ্ছা গড়, চতুৰ্ভুজ মন্দিৰ, ৰাজা মহল আৰু ৰাণী মহল আদি চাব পাৰিব ৷ ওৰ্ছাৰ বেতোৱা নদীতো ৰিভাৰ ৰাফটিং কৰিব পাৰে ৷

দাৰ্জিলিং

পশ্চিম বংগৰ অন্যতম শ্ৰেষ্ঠ স্থান হৈছে দাৰ্জিলিং ৷ এই ঠাইখন ভ্ৰমণৰ বাবে সৰ্বোত্তম স্থান ৷ ই সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২ হাজাৰ ২০০ মিটাৰ উচ্চতাত অৱস্থিত ৷ দাৰ্জিলিঙৰ সৌন্দৰ্যৰ বাবে দাৰ্জিলিঙক কুইন অৱ হিলছ বুলিও জনা যায় ৷ আপুনি আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে ইয়ালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ইয়াত থকা সেউজীয়া চাহ বাগিচাবোৰে আপোনাক মোহিত কৰিব ৷ ইয়াত ভ্ৰমণৰ বাবে আন বহুতো ঠাই আছে যেনে- ঘুম ৰক, বাটাছিয়া লুপ, ভিক্টোৰিয়া জলপ্ৰপাত, টাইগাৰ হিল, চেন্থাল হ্ৰদ আৰু কাঞ্চনজংঘা ৰেঞ্জ আদি ৷

ওটি

ওটিক পাহাৰৰ ৰাণী বুলিও কোৱা হয় ৷ তামিলনাডু ৰাজ্যৰ নীলগিৰি পাহাৰত অৱস্থিত ওটি ভ্ৰমণৰ বাবে অতি সুন্দৰ স্থান ৷ ইয়াত আপুনি জুলাই আৰু আগষ্ট মাহত সেউজীয়া ঘাঁহনি, হ্ৰদ, জলপ্ৰপাত, সুন্দৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ পাব ৷ ইয়াত আপুনি ওটি হ্ৰদ, এভালেঞ্চ হ্ৰদ, পান্না হ্ৰদ, হৰিণ উদ্যান, ওটি উদ্ভিদ উদ্যান, ডোডদাবেটা শৃংগ, কলহট্টি জলপ্ৰপাত, কামৰাজ সাগৰ বান্ধ, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান, পাৰ্চনছ ভেলী জলাশয় ওটি, পাইকাৰা জলপ্ৰপাত, ওটি ষ্টোন হাউচ আৰু নিডল ভিউ হিলপইন্ট বা নিডল ৰক ভিউ-পইন্ট চাব পাৰে ৷

লগতে পঢ়ক:গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

ABOUT THE AUTHOR

...view details