আজিকালি বহুতে নিজকে ধুনীয়া দেখাবলৈ কত কি যে নকৰে ৷ বিশেষকৈ মহিলাসকলে নিজৰ ছাল, চুলি, মুখমণ্ডল আদিৰ বিশেষ যত্ন লয় ৷ সৌন্দৰ্যৰ ক্ষেত্ৰতো চুলিৰ বিশেষ গুৰুত্ব আছে ৷ বহুতে নিজৰ চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ষ্ট্ৰেইটনিং,স্পা ইত্যাদি ট্ৰিটমেন্ট কৰে কিন্তু ইয়াৰ দ্বাৰা বহুবাৰ অজানিতে আমি আমাৰ চুলিক নষ্ট কৰি পেলাও ৷ চুলিক ধুনীয়া দেখাবলৈ কেৱল বাহিৰৰ পৰা নহয় ভিতৰৰ পৰাও পুষ্টি প্ৰদান কৰাটো প্ৰয়োজনীয় ৷
কিন্তু আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বহুতে কম বয়সতে বিভিন্ন ধৰণৰ চুলিৰ সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ চুলি সৰা, শুকান হোৱা, ধূসৰ চুলি, উফি আদি বিভিন্ন সমস্যাত ভুগিছে ৷ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ চুলিৰ যত্ন লোৱা সামগ্ৰী আৰু তেল ব্যৱহাৰ কৰা হয় ৷ এই সকলোবোৰ চেষ্টা কৰাৰ পিছতো সঠিক ফলাফল পাবলৈ সক্ষম নহও ৷
কিন্তু আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক এনে কেইবিধমান তেলৰ বিষয়ে ক’বলৈ ওলাইছো যাৰ দ্বাৰা আপোনাৰ চুলি দীঘল হোৱাই নহয় বৰঞ্চ কোমল আৰু ঘনো হ’ব ৷ তেন্তে জানো আহক এই তেল কেইবিধ নো কি ?
কালজিৰা তেল: বিশেষজ্ঞসকলে কৈছে যে, কালজিৰা তেল কেৱল স্বাস্থ্যৰ বাবেই নহয়, চুলিৰ বৃদ্ধি কৰাটো অতি উপকাৰী ৷ এই তেল ঘৰতে কেনেকৈ তৈয়াৰ কৰিব জানো আহক..
- প্ৰথমে জুইত নাৰিকল তেল বা অলিভ তেল একাপ গৰম কৰক ৷
- তাত এচামুচ কালজিৰা গুটি দি সিজিব ৷
- তাৰ পিছত এই তেল চেকি বটলত ভৰাই থব ৷
- এই তেলে চুলিত জিংক, আইৰণ, পটাছিয়াম আদি ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে যাৰ দ্বাৰা চুলি বৃদ্ধিত সহায় কৰে ৷
কাঠবাদাম তেল:দীঘল, ডাঠ চুলিৰ বাবে বিশেষজ্ঞসকলে কয় যে, সপ্তাহত দুবাৰকৈ কাঠবাদাম তেলেৰে মূৰৰ ছাল মালিচ কৰিব পাৰি ৷ কোৱা হয় যে এনে কৰিলে ৰক্ত সঞ্চালন উন্নত হ’ব আৰু এইদৰে চুলিৰ বৃদ্ধি ভাল হ’ব ৷ লগতে কাঠবাদাম তেলৰ দ্বাৰা চুলিৰ গুৰি মজবুত হৈ পৰে ৷ চুলি কোমল হৈ পৰে ৷ চুলিৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা চুলি ফটা, চুলি সৰা সমস্যাৰ পৰা উপশম পোৱা যায় ৷