খোজকঢ়া বা জগিং কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয় ৷ কিন্তু আপুনি জানেন খালী ভৰিৰে খোজকঢ়াৰ নিজস্ব উপকাৰিতা আছে ৷ এটা সময় আছিল, যেতিয়া মানুহৰ মাজত তেনেই কমকৈ চেণ্ডেলৰ ব্যৱহাৰ দেখা পোৱা গৈছিল ৷ প্ৰায় খালী ভৰিৰেই চলা-ফুৰা কৰিছিল আগৰ সময়ৰ লোকসকলে ৷
খুব কমেইহে ব্যৱহাৰ কৰিছিল চেণ্ডেল বা জোতা ৷ কিন্তু সময়ৰ গতিৰ লগে লগে অত্যাধুনিক জীৱন প্ৰণালীৰ সৈতে সংপৃক্ত হৈ পৰিল সাম্প্ৰতিক সময়ৰ লোকসকল ৷ সকলো সময়তে এতিয়া চেণ্ডেলৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷
আমাৰ ককা-আইতা আনকি চিকিৎসকেও কয় যে, পুৱাৰ ভাগত সোনকালে ঘাঁহনিৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িব লাগে ৷ কিন্তু আপুনি জানেনে যে কেৱল ঘাঁহৰ ওপৰতে নহয় যিকোনো পৃষ্ঠত খালী ভৰিৰে খোজকঢ়াটো অতি উপকাৰী ৷ জোতা-চেণ্ডেল পিন্ধি খোজ কাঢ়িলে ভৰিৰ বিষ হ’ব পাৰে যদিও খালী ভৰিৰে খোজকঢ়াৰ ফলত গাঁঠিবোৰ মজবুত হয় ৷
লগতে পঢ়ক:অসময়ত খোজ কাঢ়িবলৈ গৈ আপোনাৰ শৰীৰৰ বাবে বিপদ চপাই নল’ব - Best Time For Walk
গতিকে খালী ভৰিৰে খোজ কাঢ়িলে আন কি কি উপকাৰিতা সাধন হয় জানো আহক-
ভাল টোপনিৰ বাবে লাভদায়ক
খালী ভৰিৰে খোজকঢ়াটো ৰাতি ভাল টোপনিৰ বাবে অতিকৈ উপকাৰী হ’ব পাৰে ৷ কাৰণ ই আমাৰ শৰীৰত কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত টোপনি ভাল হয় ৷ ইয়াৰ উপৰিও খালী ভৰিৰে খোজকাঢ়িলে স্লিপ ডিছফংচন আৰু ভৰিৰ বিষৰ পৰাও যথেষ্ট সকাহ পোৱা যায় ৷ কাৰণ খালী ভৰিৰে খোজকাঢ়িলে আমি মাটিৰ পৰা ধনাত্মক শক্তি লাভ কৰো, যাৰ ফলত আমাৰ মানসিক চাপ হ্ৰাস হোৱাত সহায় হয় আৰু আমি ভালদৰে শুব পাৰো ৷