অসম

assam

ETV Bharat / health

এক নহয় অনেক গুণেৰে পৰিপূৰ্ণ তুলসীৰ পাত - Benefits of Tulsi

Health Benefits of Tulsi: হিন্দু ধৰ্মত তুলসীক এক পবিত্ৰ গুল্ম হিচাপে গণ্য কৰা হয় ৷ ভাৰতত অধিকাংশৰ ঘৰতে তুলসীক উপাসনা কৰা হয় ৷ কিন্তু আপুনি জানেনে তুলসীৰ পাত আমাৰ স্বাস্থ্যৰ বাবেও খুব উপকাৰী ?

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 6:23 PM IST

Amazing Health Benefits of Tulsi leaves that you must know
এক নহয় অনেক গুণেৰে পৰিপূৰ্ণ তুলসীৰ পাত (ETV Bharat)

আমি প্ৰায়ে আমাৰ মাতৃ তথা বয়োজ্যেষ্ঠৰ পৰা শুনি আহিছো যে তুলসীৰ পাত আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ৷ ইতিমধ্যে বহু গৱেষণাত পোৱা গৈছে যে, যদি আপুনি পুৱা খালী পেটত তুলসীৰ পাত খায় তেন্তে আপুনি বহু ৰোগৰ পৰা হাত সাৰিব পাৰে ৷ হয়, আয়ুৰ্বেদতো ইয়াৰ বহু লাভালাভৰ বিষয়ে উল্লেখ আছে ৷

আয়ুৰ্বেদৰ মতে, তুলসীৰ পাতত এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল, এণ্টি-ফাংগাল গুণ থাকে ৷ যি ঔষধতকৈও অধিক কাৰ্যকৰী ৷ আজি তুলসীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

পেটৰ সমস্যা

খালী পেটত তুলসীৰ পাত খালে পেটৰ সমস্যা নহয় ৷ ইয়াৰ ফলত হজম ভাল আৰু পেট ফুলাৰ সমস্যা দূৰ হয় ৷ কেৱল এয়াই নহয়, তুলসীৰ পাত খালে ই আপোনাক এচিডিটি, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰাও সকাহ দিয়াত সক্ষম ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য

তুলসীৰ পাতক হৃদযন্ত্ৰৰ ঔষধ বুলি কোৱা হয় ৷ খালী পেটত তুলসীৰ পাত খাই আপুনি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰি ৷ তুলসীৰ পাতে কলেষ্টেৰল, ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদ আক্ৰমণৰ দৰে ৰোগৰ পৰাও আপোনাক বচাই ৰাখিব পাৰে ৷

ছালৰ যত্ন

প্ৰতি পুৱা তুলসীৰ পাত খাই আপুনি আপোনাৰ ছালখনক উজলাই তুলিব পাৰে ৷ তুলসীৰ পাতত পোৱা এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণাগুণবোৰ ছালৰ গভীৰতালৈ গৈ ইয়াক পৰিস্কাৰ কৰে ৷ যাৰ ফলত শালমন, দাগ আদিৰ সমস্যাও দূৰ হয় ৷

মূৰৰ বিষ

অত্যধিক কাম কৰা বা অধিক চাপত থকাৰ ফলত আজিকালি অধিকাংশ লোকেই মূৰৰ বিষত ভোগে ৷ যদি আপুনিও প্ৰায়ে মূৰৰ বিষত ভোগে, তেন্তে তুলসীৰ পাত খাই এই সমস্যাটো দূৰ কৰিব পাৰিব ৷

দাঁতৰ বিষ

দাঁতৰ বিষ উপশম কৰাতো তুলসীৰ পাত কাৰ্যকৰী ৷ দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ জালুক আৰু তুলসীৰ পাত পিহি দাঁতৰ বিষ হোৱা অংশত লগাই ৰাখিব ৷ ই দাঁতৰ বিষৰ পৰা আপোনাক খুব সোনকালে সকাহ দিব ৷

লগতে পঢ়ক:ওজন কমাবৰ বাবে নেমুপানী কিমান ফলপ্ৰসূ ? জানি লওক - Lemon Water

ABOUT THE AUTHOR

...view details