অসম

assam

উৎকট গৰমত শৰীৰক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস কেনেদৰে উপকাৰী - Benefits of Sugarcane

By ETV Bharat Health Team

Published : 5 hours ago

Summer Drinks: গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, এনে পৰিস্থিতিত পানীৰ লগতে এনে কিছুমান পানীয়ও খোৱাটো উচিত যাতে শৰীৰত তৰল পদাৰ্থ আৰু শক্তিৰ অভাৱ নহয় । সেয়ে এনে ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷ আজি ইয়াৰেই কিছুমান উপকাৰিতাৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানি লও আহক-

Amazing health benefits of sugarcane juice in Assamese
উৎকট গৰমত শৰীৰক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস কেনেদৰে উপকাৰী (ETV Bharat)

গ্ৰীষ্মকাল অহাৰ লগে লগে বহু লোকেই কুঁহিয়াৰৰ ৰস খাবলৈ ভাল পায় ৷ বৰ্তমান অসমত উৎকট গৰমৰ ফলত বহুলোকে বিভিন্ন ৰোগত ভুগিবলৈ ধৰিছে ৷ সেয়ে এই সময়ছোৱাত কুঁহিয়াৰৰ ৰসে আপোনাক যথেষ্ট সকাহ দিব পাৰে ৷

যদিও ১০০ গ্ৰাম কুঁহিয়াৰৰ ৰসত প্ৰায় ২৬৯ কেলৰি থাকে, তথাপিও ই এক স্বাস্থ্যকৰ পানীয়, কাৰণ ই আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে আৰু শৰীৰক তৎক্ষণাত শক্তি প্ৰদানৰ কাম কৰে ৷ বহু সময়ত কুঁহিয়াৰৰ ৰস খালেও ভাগৰ নাইকিয়া হয় ৷ কুঁহিয়াৰৰ ৰস খালে আৰু কি কি উপকাৰিতা পাব পাৰি পুষ্টিবিদৰ পৰাই জানি লও আহক-

উৎকট গৰমত শৰীৰক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস কেনেদৰে উপকাৰী (ETV Bharat)

কুঁহিয়াৰৰ ৰসত থকা বহুতো পুষ্টিকৰ উপাদান

বহু গৱেষণা তথা NIHৰ মতে, কুঁহিয়াৰৰ ৰসে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে ৷ ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰণ আৰু মেংগানিজৰ প্ৰচুৰ উৎস ৷ এই পুষ্টিকৰ উপাদানসমূহে শৰীৰৰ কৰ্কট কোষ কম কৰে ৷

কুঁহিয়াৰৰ ৰস খোৱাৰ ৫টা আচৰিত উপকাৰিতা

  1. কুঁহিয়াৰৰ ৰসত আঁহ থাকে, যিয়ে শৰীৰত বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাত সহায় কৰে ৷ লগতে আমাৰ শৰীৰৰ পৰা ওলোৱা সকলো বেয়া কলেষ্টেৰল কমাই দিয়ে ৷
  2. কুঁহিয়াৰৰ ৰসৰ সহায়ত দাঁতৰ ইনামেল আৰু দাঁত শক্তিশালী হৈ উঠে আৰু ইয়াৰ ফলত দাঁত ক্ষয় হোৱাৰ সম্ভাৱনাও কমি যায় ৷
  3. বৰ্তমান উৎকট গৰমে দহিছে ৰাজ্যবাসীক সেয়ে এনে সমছোৱাত এগিলাচ ঠাণ্ডা কুঁহিয়াৰৰ ৰসে তৎক্ষণাৎ শক্তি প্ৰদান কৰিব পাৰে ৷ কুঁহিয়াৰৰ ৰসে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাই নহয়, ডিহাইড্ৰেচনৰ পৰাও ৰক্ষা কৰে ৷
  4. পেটৰ লগত জড়িত সমস্যাত ভুগি থকা লোকে কুঁহিয়াৰৰ ৰস খাব পাৰে, কাৰণ ই পাচনতন্ত্ৰৰ ৰসৰ নিঃসৰণ বৃদ্ধি কৰাত সহায় কৰে ৷
  5. যদি মহিলাসকলে নিয়মিতভাৱে কুঁহিয়াৰৰ ৰস সেৱন কৰে তেন্তে তেওঁলোকে বহু উপকাৰ লাভ কৰিব পাৰে ৷ লগতে ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰে ৷

এই ৰোগবোৰৰ পৰাও হৈ থাকিব সুৰক্ষিত

কুঁহিয়াৰৰ ৰস হৈছে পুষ্টিকৰ উপাদান খোৱাৰ আটাইতকৈ স্বাস্থ্যসন্মত আৰু প্ৰাকৃতিক উপায় ৷ জণ্ডিচ আৰু যকৃতৰ লগত জড়িত ৰোগৰ চিকিৎসাত ইয়াক ফলপ্ৰসূ বুলি বিবেচিত কৰা হয় ৷ শৰীৰত শক্তি বজাই ৰাখিবলৈ কুঁহিয়াৰৰ ৰস খুবেই উপকাৰী ৷

কুঁহিয়াৰৰ ৰস খোৱাৰ সঠিক সময়

দুপৰীয়াৰ আগতে কুঁহিয়াৰৰ ৰস খালে স্বাস্থ্যৰ বাবে ই অতি উপকাৰী ৷ সপ্তাহৰ প্ৰতিদিনে অন্ততঃ এক গিলাচ ৰস খালে আপোনাৰ স্বাস্থ্যৰ পক্ষে খুবেই লাভদায়ক হ’ব ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC4441162/

লগতে পঢ়ক:মহিলাসকলে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ নিতৌ খাওক এই ৰস - Juices For Women

ABOUT THE AUTHOR

...view details