চাহ হয়তো প্ৰতিজন ভাৰতীয়ৰে প্ৰিয় ৷ বিশেষকৈ শীতকালছোৱাত অধিকাংশ লোকেই চাহৰ প্ৰতি একপ্ৰকাৰ আসক্ত হৈ পৰে ৷ পুৱাৰ পৰা সন্ধিয়ালৈ বিভিন্ন সময়ত বহুলোকে চাহ সেৱন কৰাৰ অভ্যাস থাকে ৷ বহুতেই আকৌ চাহত আদা দি খাই খুব ভালপায় ৷ আদা দিয়া চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ আজি এই বিষয়ে জানো আহক-
আদাৰ গুণাগুণ
- আদাৰ প্ৰভাৱ গৰম, সেয়েহে ইয়াক সেৱন কৰিলে শৰীৰত উষ্ণতা বৰ্তি থাকে ৷
- ইয়াত বহুতো ভিটামিন থাকে ৷তাৰ ভিতৰত অন্যতম ভিটামিন-এ, ভিটামিন ডি আৰু ভিটামিন ই ৷
- কেলচিয়াম, মেগনেছিয়াম, জিংক আৰু আইৰণ আদি পুষ্টিৰে সমৃদ্ধ আদা ৷
- আদাত যথেষ্ট পৰিমাণে অক্সিডেণ্ট থাকে, যি শৰীৰৰ ভিতৰত সৃষ্টি হোৱা মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়ে ৷
আদা চাহ খোৱাৰ লাভালাভ
- শীতকালত সঘনাই প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে ৷সেয়েহে যদি আপুনি দিনত আদা দিয়া চাহ দুবৰকৈ হ’লেও সেৱন কৰে, তেতিয়া এই সমস্যাৰ সন্মুখীন হ’ব নালাগে ৷
- এই চাহে চৰ্দি আৰু কাহৰ পৰা সুৰক্ষা দিয়ে ৷
- আদাৰ চাহে মূৰৰ বিষৰ পৰাও সকাহ দিয়া ৷
- আদাৰ চাহে ভাইৰাছ আৰু বেক্টেৰিয়া বৃদ্ধি হোৱা প্ৰতিহত কৰে, যাৰ ফলত ঋতুগত ৰোগবোৰ আঁতৰত থাকে ৷
- আদা চাহ খালে হজম শক্তিশালী হৈ থাকে, যি পাকস্থলীত গধুৰতা আৰু পেট ফুলা আদিৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰে ৷
- বৃক্কৰ সমস্যা পৰিহাৰ কৰাত আদা চাহ সহায়ক ৷