ভাৰতত সুৰাপান কৰা লোকৰ অভাৱ নাই ৷ সমগ্ৰ বিশ্বই কিছুদিন পূৰ্বে 2025 বৰ্ষক আদৰি লয় ৷ এনে ক্ষেত্ৰত বহুলোকেই সুৰাপান অবিহনে উদযাপন আধৰুৱা বুলি গণ্য কৰে ৷ দেশৰ GDPতো সুৰাপান কৰা লোকৰো বহু ডাঙৰ যোগদান আছে ৷ সুৰাপানে আমাৰ শৰীৰৰ কিমান ক্ষতিসাধন কৰে তাৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু এই সুৰাপানে আপোনাৰ দেহত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব ? আচৰিত নহ’ব এয়া আমি কোৱা কথা নহয় শেহতীয়াকৈ এগৰাকী বিশেষজ্ঞই প্ৰকাশ কৰিছে এই কথা ৷
শেহতীয়াকৈ মদ্যপানৰ সৈতে জড়িত স্বাস্থ্যজনিত বিপদ সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰকাশ কৰে আমেৰিকাৰ চাৰ্জন জেনেৰেল বিবেক হালেগেৰে মূৰ্তিয়ে । তেওঁ পৰামৰ্শ দিছে যে সুৰাৰ বটলত চিগাৰেটৰ দৰে কৰ্কট ৰোগৰ সতৰ্কবাণীও থাকিব লাগে । এই সতৰ্কবাণীয়ে বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ্কট ৰোগী আৰু মদ্যপানৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কক উজ্জ্বল কৰি তুলিছে ।
বাৰুকৈয়ে সুৰাপানে বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ আশংকা ? কি কয় বিশেষজ্ঞই (US department of health and human services)
বাৰুকৈয়ে সুৰাপানে বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ আশংকা ? কি কয় বিশেষজ্ঞই (US department of health and human services)
মদ্যপানৰ ফলত বেছি বেয়া হোৱা কেন্সাৰৰ প্ৰকাৰ
মুখ, ডিঙি আৰু যকৃতৰ কৰ্কট ৰোগ
বিশেষকৈ মহিলাৰ স্তন কেন্সাৰ
বৃহদান্ত্ৰ আৰু মলদ্বাৰৰ কৰ্কট ৰোগ
আমেৰিকান কেন্সাৰ ছ’চাইটিৰ মতে, নিয়মিতভাৱে মদ্যপান কৰা লোকৰ ক্ষেত্ৰত এই ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায় ৷
প্ৰতিটো চুমুকৰ প্ৰভাৱ
বাৰুকৈয়ে সুৰাপানে বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ আশংকা ? কি কয় বিশেষজ্ঞই (US department of health and human services)
বিশেষজ্ঞসকলে কয় যে, মদ্যপান কম পৰিমাণে হওক বা অধিক পৰিমাণে সেৱন কৰক, ই নিশ্চিতভাৱে শৰীৰত প্ৰভাৱ পেলায় । যিসকলে ‘মধ্যমীয়া মদ্যপানে’ কোনো ক্ষতি নকৰে বুলি ভাবে তেওঁলোকে জনাটো উচিত যে প্ৰতিটো চুমুকে শৰীৰৰ ডি এন এত প্ৰভাৱ পেলায় ।
ইউ এছ চাৰ্জন জেনেৰেলৰ পৰামৰ্শ
আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ চাৰ্জন জেনেৰেলে এই সন্দৰ্ভত কয় যে, সুৰা নিৰ্মাতা কোম্পানীক তেওঁলোকৰ সামগ্ৰীৰ ওপৰত স্পষ্ট স্বাস্থ্য সতৰ্কবাণী দিবলৈ আহ্বান জনাইছে । তেওঁ কয় যে, যদি মানুহে জানে যে মদ্যপানৰ ফলত কেন্সাৰ হ’ব পাৰে, তেন্তে তেওঁলোকে হয়তো সুৰাপানৰ পৰিমান হ্ৰাস কৰিব পাৰে ।
বাৰুকৈয়ে সুৰাপানে বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ আশংকা ? কি কয় বিশেষজ্ঞই (US department of health and human services)
সজাগতাৰ প্ৰয়োজন
আনকি ভাৰতৰ দৰে দেশতো সুৰা সেৱন দ্ৰুতগতিত বৃদ্ধি পাইছে । এই পৰিস্থিতিক নিয়ন্ত্রণ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য প্রতিষ্ঠানসমূহে জনাসাধাৰণক সজাগ তথা সতৰ্ক কৰাটো প্রয়োজনীয় ৷ কেন্সাৰৰ বৃদ্ধি পোৱা সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বটলত সতৰ্কবাণী লগোৱাটো এক ফলপ্ৰসূ পদক্ষেপ হ’ব পাৰে ।
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)