গুৱাহাটী, 9 আগষ্ট :বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন এতিয়া সাজু হৈ উঠিছে মুক্তিৰ বাবে । ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব ছবিখনে ।
চিকাৰ ছবিখনৰ পোষ্টাৰ (Team Sikaar) বৃহস্পতিবাৰে শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া এই এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় । সামাজিক মাধ্যম যোগে মুক্তি দিয়া হয় ছবিখনৰ পোষ্টাৰ । ইফালে টীম ‘চিকাৰ’ৰ তৰফৰ পৰা জনোৱা অনুসৰি চলিত মাহতে মুক্তি লাভ কৰিব ছবিখনৰ টিজাৰে । কিছুদিন পূৰ্বে সম্পন্ন হয় ছবিখনৰ ডাবিং । ছবিখনৰ এটি মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী উৰ্মিলা মহন্তই শেহতীয়াকৈ ছবিখনৰ বাবে ডাবিং সম্পূৰ্ণ কৰে ।
চিকাৰৰ লগত জড়িত কলা-কুশলী (Team Sikaar) চিকাৰ ছবি দৃশ্যগ্ৰহণৰ সময়ৰ ফটো (Team Sikaar) ইফালে আহিবলগীয়া নতুন অসমীয়া ছবি চিকাৰৰ জৰিয়তে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক আকৌ এবাৰ নতুন ৰূপত পৰ্দাত দেখিবলৈ পাব দৰ্শকে । লগতে ছবিখনত আছে বিশিষ্ট অভিনেতা আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাইকে ধৰি কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী ।
চিকাৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ৰ ফটো (Team Sikaar) চিকাৰৰ লগত জড়িত কলা-কুশলী (Team Sikaar) অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰা হৈছে ছবিখনত ৷ অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত শ্ৰমিকসকলক কম মজুৰি দিয়া, মহিলাৰ প্ৰতি অত্যাচাৰ কৰা আৰু শ্ৰমিকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আদি ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।
ব্যস্ত হৈ থকা সময়ত ছবিখনৰ কলা-কুশলী (Team Sikaar) শ্বুটিঙৰ সময়ৰ দৃশ্য (Team Sikaar) দেবাংকৰ বৰগোঁহাইৰ কাহিনী পৰিচালনা তথা সম্পাদনাৰে নিৰ্মাণ কৰা এই ছবিখনৰ শ্বুটিং অসমৰ লগতে লণ্ডনত কৰা হৈছে । ছবিখনৰ প্ৰায় 70 শতাংশ শ্বুটিঙেই কৰা হৈছে লণ্ডনত । ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদান্তৰ ।
লগতে পঢ়ক :নিছা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah
শীঘ্ৰেই ছবিগৃহলৈ আহি আছে 'চিলনী চোৰ' - Assamese movie Chiloni Chor