মৰাণ, 26 এপ্ৰিল :শেহতীয়াকৈ জুবিন গাৰ্গ মানেই যেন বিৰ্তকৰ এক নাম । অসমবাসীৰ হাৰ্টথ্ৰ’বগৰাকীয়ে বিভিন্ন মঞ্চত বিভিন্ন কথাৰে বিৰ্তক সৃষ্টি কৰি শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ তেওঁৰ অনুষ্ঠানত অনুৰাগীৰ উদ্ভণ্ডালিৰ বাবে সততে চৰ্চাত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ ৷
শেহতীয়াকৈ মাজুলীৰ এক বিহু অনুষ্ঠানত জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ সম্বোধনৰ বিৰোধিতা কৰিছিল ৷ ইয়াৰ পিছতে বিতর্কত সোমাই পৰিছিল জুবিন গাৰ্গ। সত্ৰাধিকাৰসকলৰ লগতে আন বিভিন্নজনে সমালোচনা কৰিছিল জুবিন গাৰ্গক । পৰৱৰ্তী সময়ত জুবিন গাৰ্গে ক্ষমা খুজিছিল যদিও এই কথাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
ইয়াৰ পিচতে ডিব্ৰুগড়ত শুকুৰবাৰে পুৱতি নিশালৈকে অনন্য ৰূপত দেখা গ'ল জুবিন গাৰ্গক । ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ-2024ত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰে ৷ যোৱা 21 এপ্ৰিলৰ পৰা জালান নগৰ স্কুল খেলপথাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ-2024 অনুষ্ঠিত হৈ আছিল ৷ এই কাৰ্যসূচীৰ শেষৰ দিনটোত জুবিন গাৰ্গক আমন্ত্ৰণ কৰা হৈছিল ৷
এইবাৰ জুবিন গাৰ্গে কথাৰে নহয়, ডিব্ৰুগড়ত পুৱতি নিশালৈকে সুৰৰ মায়াজালেৰে ৰাইজক বন্দী কৰি ৰাখে । এটাৰ পিচত আনটোকৈ জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰিলে জুবিন গাৰ্গে ।