ETV Bharat / state

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ - SANKARADEVA SANGHA ANNUAL SESSION

যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ ভকত, বৈষ্ণৱৰ আগমন ।

Sankaradeva Sangha Annual Session
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 8:05 PM IST

যোৰহাট : আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । ইতিমধ্যে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে যোৰহাটৰ ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ।

৬ ফেব্ৰুৱাৰীৰ পৰা শংকৰদেৱ সংঘৰ অধিৱেশন

৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ ফলত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সমন্বয় ক্ষেত্ৰৰ বাকৰি । গুৰুজনাৰ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী । ইফালে অধিৱেশনলৈ অসমৰ লগতে উত্তৰ পূৱৰ পৰা লাখ লাখ ভক্তৰ আগমনৰ আশা কৰা হৈছে । যাৰ বাবে প্ৰশাসনে আইন শৃংখলা পৰিস্থিতিও নিৰীক্ষণ কৰি আছে । অধিৱেশনস্থলীত ইতিমধ্যে শ শ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ (ETV Bharat)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত, বৈষ্ণৱক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে আয়োজক সমিতি । অধিৱেশনস্থলীত বৃহৎ আকাৰ ২০০ টা শিবিৰ স্থাপন কৰা হৈছে । য'ত দূৰ-দূৰণিৰ পৰা অহা ভকত, বৈষ্ণৱসকলে আশ্ৰয় ল'ব । ভকত, বৈষ্ণৱক আপ্যায়নৰ বাবেও বিভিন্ন ব্যৱস্থা কৰা হৈছে ।

একেলগে ১০ হাজাৰ ভক্তই সিদ্ধ গ্ৰহণ কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে । একেদৰে ২০০ টা চৌকাৰ বিশাল ৰন্ধন শালো নিৰ্মাণ কৰা হৈছে । য'ত দিনে নিশাই প্ৰায় ৫০০ ৰন্ধনকৰ্মীয়ে সিদ্ধ প্ৰস্তুত কৰিব । ভোজনালয়ত দিনে-নিশাই ৪ হাজাৰ সেৱা বাহিনীয়ে সিদ্ধ বিতৰণ কৰিব আৰু এটা দিনত ৬০ কুইণ্টল চাউল আৰু ৬০ কুইণ্টল শাক-পাচলিৰ সিদ্ধ প্ৰস্তুত কৰা হ'ব বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ভক্তৰ বাবে ১০০০ ৰো অধিক অনাময় ব্যৱস্থা কৰা হৈছে । ১২০০ বিঘা ভূমিত ৩ কোটি ৫০ লাখ টকা বাজেটেৰে এক বিশাল আয়োজন কৰা হৈছে । অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই দূৰ-দূৰণিৰ পৰা ভকত, বৈষ্ণৱসকলৰ আগমন দেখা গৈছে । সেৱা বাহিনীৰ সদস্যসকলেও ভকত, বৈষ্ণৱসকলক আদৰিছে ।

লগতে পঢ়ক :১০-১২ লাখ ভকতক আপ্যায়নৰ বাবে সাজু শংকৰদেৱ সংঘৰ বিষয়ববীয়া - SRIMANTA SANKARADEVA SANGHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.