চিটাৰা ডেস্ক, ৯ মাৰ্চ:পুনৰ বিতৰ্কত ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱ । এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এজন ইউটিউবাৰৰ সৈতে তেওঁৰ আক্ৰমণৰ ভিডিঅ’ । ইয়াৰ পিচতে এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুগ্ৰাম ছেক্টৰ ৫৩ থানাত গোচৰ ৰুজু হৈছে ।
আচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এলভিছ যাদৱক এজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰা দেখা গৈছে । প্ৰহাৰ কৰা যুৱকজনো এজন ইউটিউবাৰ, তেওঁৰ নাম সাগৰ ঠাকুৰ ওৰফে ‘মেক্সটাৰ্ণ’। ভিডিঅ’টোত এলভিছ যাদৱে তেওঁক আক্ৰমণ কৰা দেখা গৈছে ।
এতিয়া এই গোটেই বিষয়টোক লৈ এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুগ্ৰাম ছেক্টৰ ৫৩ পি এছত আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়াৰ গোচৰ ৰুজু হৈছে । ছ’চিয়েল মিডিয়াতো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ভিডিঅ’টো, য’ত তেওঁক সাগৰ ঠাকুৰক প্ৰহাৰ কৰা দেখা গৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি ছেক্টৰ-৫৩ত অৱস্থিত চাউথ পইণ্ট মলত এলভিছ যাদৱ আৰু তেওঁৰ সহযোগীসকলে সাগৰ ঠাকুৰ ওৰফে ‘মেক্সটাৰ্ণ’ নামৰ ইউটিউবাৰজনক আক্ৰমণ কৰে । যাৰ অভিযোগত শুকুৰবাৰে নিশা আৰক্ষীয়ে ছেক্টৰ-৫৩ থানাত আই পি চিৰ ১৪৯, ১৪৭, ৩২৩ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।