চিটাৰা ডেস্ক, ২০ এপ্ৰিল:গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ পৰা কেব বুকিং কৰাৰ অভিযোগত এজন ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্তটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰোহিত ত্যাগী বুলি চিনাক্ত কৰা হৈছে । ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ পৰা বান্দ্ৰা থানালৈ অভিযুক্তই লৰেন্স বিষ্ণৈৰ নামত কেবখন বুকিং কৰিছিল ।
বান্দ্ৰা আৰক্ষীয়ে শুকুৰবাৰে কয় যে, ‘কেব চালকে ছলমান খানৰ ঘৰ গেলেক্সি এপাৰ্টমেণ্টত উপস্থিত হৈ তাত থকা চকীদাৰজনক বুকিঙৰ বিষয়ে সোধে ৷ তেতিয়া চকীদাৰজন প্ৰথমে স্তম্ভিত হৈ পৰে আৰু লগে লগে ওচৰৰ বান্দ্ৰা আৰক্ষী থানাক বুকিঙৰ বিষয়ে অৱগত কৰে ।’ ইয়াৰ ভিত্তিত মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে কেব চালকজনক জেৰা কৰি কেবখন অনলাইনত বুকিং কৰা ব্যক্তিজনৰ বিষয়ে তথ্য লাভ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, ‘কেবখন বুকিং কৰা ব্যক্তিজন গাজিয়াবাদৰ ২০ বছৰীয়া ছাত্ৰ বুলি জানিব পৰা গৈছে আৰু তেওঁক ৰোহিত ত্যাগী বুলি চিনাক্ত কৰা হৈছে।’ আৰক্ষীয়ে আৰু কয় যে, তদন্তৰ সময়ত অভিযুক্তই ধেমালি কৰি গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নামত কেবখন বুকিং কৰা বুলি জানিব পৰা গৈছে ।