অসম

assam

ETV Bharat / entertainment

যোদ্ধাৰ জোৰদাৰ টিজাৰ মুক্তি, একশ্যন অৱতাৰত সিদ্ধাৰ্থ মালহোত্ৰা

Yodha Teaser: সিদ্ধাৰ্থ মালহোত্ৰাৰ বহু প্ৰত্যাশিত ছবি ‘যোদ্ধা’ৰ জোৰদাৰ টিজাৰ মুক্তি পালে ।

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 2:47 PM IST

Yodha Teaser: Sidharth Malhotra Promises Gripping Action Thriller
যোদ্ধাৰ টিজাৰ মুক্তি

চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: সোমবাৰে নিৰ্মাতাই মুকলি কৰিলে সিদ্ধাৰ্থ মালহোত্ৰাৰ আগন্তুক চিনেমা ‘যোদ্ধা’ৰ টিজাৰ । ‘শ্বেৰশ্বাহ’ আৰু ‘ইণ্ডিয়ান পুলিচ ফ’ৰ্চ’ত সেনাৰ চৰিত্ৰত অভিনয় কৰাৰ পিচত পুনৰ এই ছবিখনত সিদ্ধাৰ্থ মালহোত্ৰাক সেনাৰ ৰূপত দেখা যাব ৷ কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত যোদ্ধা ছবিখন পৰিচালনা কৰিছে সাগৰ আম্ব্ৰে আৰু পুষ্কৰ ওঝাই ৷ ছবিখনত সিদ্ধাৰ্থক বিমান হাইজেকাৰক বিফল কৰাৰ অভিযানত থকা জোৱান হিচাপে দেখা যাব ।

যোদ্ধাৰ টিজাৰৰ পৰা অনুমান কৰিব পাৰি যে চিনেমাখন একশ্যন আৰু দেশপ্ৰেমেৰে ভৰপূৰ হ’ব ৷ যোদ্ধা ছবিখনত এখন যাত্ৰীবাহী বিমান অপহৰণ কৰা সন্ত্ৰাসবাদীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ৷ ইয়াত সিদ্ধাৰ্থই হাইজেকাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন সৈনিকৰ চৰিত্ৰত অভিনয় কৰিছে, য’ত তেওঁ হাইজেকাৰক পৰাস্ত কৰাৰ কৌশল ৰচনা কৰে আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে হাইজেকাৰৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পূৰ্বে সিদ্ধাৰ্থই যোদ্ধা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কৈছিল, "এজন শিল্পী হিচাপে আপুনি সদায় এনেকুৱা চিত্ৰনাট্য বিচাৰে যিয়ে আপোনাক উজলিবলৈ অনুমতি দিয়ে । এই প্ৰজেক্টটোৱে মোৰ এটা নতুন দিশ মুকলি কৰিছে, যাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ । দৰ্শক আৰু অনুৰাগীৰ পৰা পোৱা মৰমে মোক আপ্লুত কৰিছে ।’’

একে সময়তে কৰণ জোহৰে যোদ্ধাক নাটক আৰু একশ্যন থ্ৰিলাৰ ছবি বুলি বৰ্ণনা কৰিছিল । সিদ্ধাৰ্থই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সন্দৰ্ভত জোহৰে মন্তব্য কৰে যে, "সিদ্ধাৰ্থই এজন একশ্যন নায়কৰ মূল ৰূপক নিখুঁতভাৱে ফুটাই তুলিছে । যোদ্ধাৰ সৈতে তেওঁ আধুনিক যুগৰ একশ্যন হিৰোৰ ভূমিকাক সম্পূৰ্ণৰূপে আকোৱালি লৈছে ।"

উল্লেখ্য যে, সিদ্ধাৰ্থৰ উপৰিও ছবিখনত দিশা পাটানি আৰু ৰাশী খান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে । মূলতঃ ২০২২ চনৰ ১১ নৱেম্বৰত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ কেইবাবাৰো পিছুৱাই দিয়া হৈছিল আৰু অৱশেষত ২০২৪ চনৰ ১৫ মাৰ্চত ছবিখন মুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে ।

লগতে পঢ়ক:অক্ষয়-টাইগাৰৰ বড়ে মিঞা ছোটে মিঞাৰ টাইটেল ট্ৰেক মুকলি

ABOUT THE AUTHOR

...view details