হায়দৰাবাদ :2024 বৰ্ষটো ভাৰতৰ সাংস্কৃতিক, মনোৰঞ্জন আৰু ৰাজনৈতিক ক্ষেত্ৰকেইটা কেইবাটাও হৃদয়বিদাৰক ক্ষতিৰ দ্বাৰা চিহ্নিত হৈছে । এইকেইটা ক্ষেত্ৰৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তি হেৰুৱালে ভাৰতে ৷ কিংবদন্তী সংগীতজ্ঞ আৰু প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা জনপ্ৰিয় অভিনেতা আৰু উদ্যোগপতিলৈকে, সকলোৰে অৱদানে ভাৰতীয় সমাজত এক অবিস্মৰণীয় চিহ্ন এৰি থৈ গৈছে । এই বছৰ আমি হেৰুওৱা এনে একাংশ উল্লেখনীয় ভাৰতীয় ব্যক্তিত্বৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি :
1. ৰমেন বৰুৱা
নিৰুদ্দেশ : 22 জুলাইৰ পৰা সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী ৷
বৰ্তমানেও জানিব পৰা হোৱা নাই তেওঁৰ নিৰুদ্দেশৰ আঁৰৰ কাৰণ ৷
অসমীয়া সংগীত জগতৰ গুৰি ধৰোঁতা শিল্পী ৰমেন বৰুৱা আজিও সন্ধানহীন ৷ 22 জুলাইৰ পুৱা প্রায় 10 বজাৰ পৰা লতাশিলস্থিত নিজা বাসভৱনৰ সমীপতে থকা গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল শিল্পীগৰাকী আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে ৷ অসমীয়া সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা সংগীত পৰিচালক তথা কণ্ঠশিল্পী ৰমেন বৰুৱাৰ বহু কম বয়সতে আৰম্ভ হৈছিল সাংস্কৃতিক যাত্ৰা ৷ 19 বছৰ বয়সতে তেওঁ জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিবলৈ লয় ৷ 1959 চনত মুক্তি পোৱা নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি ‘আমাৰ ঘৰ’ত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই । ইয়াৰ পিছত 1969 চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ‘ডক্তৰ বেজবৰুৱা’ ছবিখনত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে । সংগীত পৰিচালকগৰাকীয়ে দুখন বাংলা ছবিকে ধৰি মুঠ 27 খন ছবিত স্বতন্ত্ৰৰূপে সংগীত পৰিচালনা কৰিছে ৷ ৰমেন বৰুৱা এগৰাকী কণ্ঠশিল্পী হিচাপেও জনাজাত আছিল ৷ তেখেতে মুঠ 5 খন অসমীয়া ছবিত কণ্ঠদান কৰিছে ৷ বৰুৱাই প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল স্মৃতিৰ পৰশ ৷
2. সংগীতশিল্পী পংকজ শৰ্মা
মৃত্যুৰ তাৰিখ : 10 ডিচেম্বৰ, 2024
মৃত্যুৰ কাৰণ : ২০২৩ বৰ্ষৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল
শৈশৱৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত আছিল তেওঁ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা সংগীতকে মূলমন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰে সাংগীতিক জীৱন । দেশৰ প্ৰখ্যাত সন্তুৰবাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ তত্বাৱধানত সন্তুৰ বাদনৰ প্ৰশিক্ষণ লৈ ১৯৯২ চনৰ পৰা আৰম্ভ কৰে সন্তুৰ বাদনেৰে সাংগীতিক যাত্ৰা । "তোমাৰ মিঠা এই চাৱনিকে...’’ ধৰি ডেৰশতাধিক আধুনিক গীতৰ গীতিকাৰ তথা সুৰকাৰ হিচাপে কাম কৰিছিল পংকজ শৰ্মাই ৷ অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ এজন নিয়মীয়া ভজন শিল্পীও আছিল তেওঁ ৷ "সন্তুৰ একাডেমী" নামৰ এটি শিক্ষানুষ্ঠানো খুলিছিল তেওঁ ৷
3. গণশিল্পী সূৰ্য দাস
মৃত্যুৰ তাৰিখ : 21 ডিচেম্বৰ, 2024
মৃত্যুৰ কাৰণ : হৃদৰোগত আক্ৰান্ত
শাসকৰ অত্যাচাৰ, উৎপীড়ন, প্ৰৱঞ্চনাৰ বিৰুদ্ধে যেতিয়াই জনতা ৰাজপথলৈ ওলাই আহে, তেতিয়াই ক্ষুব্ধ জনতাৰ কাষত থিয় দিছিল এই মানুহজনে ৷ সেয়েহে তেওঁ আছিল জনতাৰ শিল্পী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ ৷ ওৰেতো জীৱন তেওঁ নতুন সূৰ্য, ৰঙা সূৰ্য, পেলেষ্টাইন, তুমি অসমৰ, মানুহ দেখিছো আজি, মোৰ এই মাটিয়েই ঘৰ, কত বসন্ত কৰিলো অন্ত আদি এলবাম আৰু গীতেৰে জনতাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল । গণশিল্পীগৰাকীৰ মৃত্যু সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি ।
4. এম টি বাসুদেৱন নায়াৰ
মৃত্যুৰ তাৰিখ : 25 ডিচেম্বৰ, 2024
মৃত্যুৰ কাৰণ : হৃদযন্ত্ৰ বিকল
প্ৰখ্যাত মালায়ালম লেখক আৰু জ্ঞানপীঠ বঁটা বিজয়ী এম টি বাসুদেৱন নায়াৰৰ 91 বছৰ বয়সত মৃত্যু হয় । ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ হিচাপে পৰিচিত নায়াৰ দহ দিনৰো অধিক সময় ধৰি অসুস্থ আছিল আৰু শ্বাস-প্ৰশ্বাসৰ অভিযোগৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাধীন অৱস্থাত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল । নায়াৰৰ কৃতিত্বৰ ভিতৰত আছে উপন্যাস, চুটি গল্প, প্ৰবন্ধ আৰু চিত্ৰনাট্যৰ ভাণ্ডাৰ যি মালায়ালম সাহিত্য আৰু চলচ্চিত্ৰক গঢ় দিছিল । তেওঁৰ মৃত্যু ভাৰতীয় সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি ।
5. শ্যাম বেনেগাল
মৃত্যুৰ তাৰিখ : 23 ডিচেম্বৰ, 2024
মৃত্যুৰ কাৰণ : দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ
ভাৰতৰ সমান্তৰাল চিনেমা আন্দোলনৰ পথপ্ৰদৰ্শক প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ 90 বছৰ বয়সত মৃত্যু হয় । অংকুৰ, নিশান্ত আৰু মন্থনৰ দৰে সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰৰ বাবে জনাজাত বেনেগালে ভাৰতীয় চলচ্চিত্ৰত কাহিনী কোৱাক নতুনত্ব দিছিল । দীৰ্ঘম্যাদী বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ আগতে তেওঁ মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছিল । ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় তেওঁৰ ৷ তেওঁৰ মৃত্যুৱে চলচ্চিত্ৰ জগতত এক ডাঙৰ শূন্যতা সৃষ্টি কৰে ।
6. জাকিৰ হুছেইন
মৃত্যুৰ তাৰিখ : 15 ডিচেম্বৰ, 2024
মৃত্যুৰ কাৰণ : ইডিঅ'পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ
73 বছৰ বয়সত তবলাৰ সম্ৰাট জাকিৰ হুছেইনে জীৱন যাত্ৰাৰ সামৰণি মাৰে ৷ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতখন যেন খালী হৈ পৰিল । অতুলনীয় শিল্পকলা আৰু ছন্দৰ বাবে পৰিচিত হুছেইনে ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্বজুৰি প্ৰাধান্য প্ৰদান কৰি একাধিক গ্ৰেমী বঁটা আৰু ব্যাপক প্ৰশংসা লাভ কৰিছিল । হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ৰোগ ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটে ৷
7. শাৰদা সিনহা
মৃত্যুৰ তাৰিখ : 5 নৱেম্বৰ, 2024
মৃত্যুৰ কাৰণ : তেজৰ বিষক্ৰিয়াৰ জটিলতা
বিহাৰৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী শাৰদা সিনহাৰ তেজৰ বিষক্ৰিয়াৰ জটিলতাৰ বাবে মৃত্যু হয় । মৰমেৰে 'বিহাৰ কোকিলা' বুলি কোৱা হৈছিল তেওঁক ৷ সিনহা ভোজপুৰী, মৈথিলী আৰু হিন্দী সংগীতলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত আছিল । তেওঁৰ প্ৰাণৱন্ত গানবোৰ ভাৰতীয় উৎসৱৰ অবিচ্ছেদ্য অংগ । 71 বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে ।