চিটাৰ ডেস্ক, ১৬ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী য়ামী গৌতমৰ আগন্তুক ছবি ‘আৰ্টিকেল ৩৭০’এ এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷ অৱশ্যে ছবিখনৰ ট্ৰেইলাৰ বহু লোকে ভাল পাইছে যদিও আন একাংশই ছবিখনত অপপ্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে । এতিয়া য়ামীয়ে এই সন্দৰ্ভত ছবিখনক লৈ সমালোচনা কৰা লোকসকলক উভতি ধৰিছে ।
য়ামী গৌতমৰ স্বামী আদিত্য ধৰৰ নিৰ্দেশনাত নিৰ্মিত ‘আৰ্টিকেল ৩৭০’ ত দেখুওৱা হ’ব যে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পূৰ্বে কাশ্মীৰত কেনেধৰণৰ কাম-কাজ চলিছিল । ইয়াৰ পিচত তাত কেনেধৰণৰ পৰিৱেশ দেখা গৈছিল সেই সকলোবোৰ দেখুওৱা হ’ব ৷
সমালোচকসকলক কি ক’লে য়ামীয়ে ?
উল্লেখ্য যে, য়ামী গৌতমৰ এই ছবিখন লোকসভা নিৰ্বাচনৰ পূৰ্বে মুক্তি পাবলৈ গৈ আছে । এতিয়া অলপতে পিটিআইক দিয়া এক সাক্ষাৎকাৰত য়ামী গৌতমে কয় যে তেওঁৰ ‘আৰ্টিকেল ৩৭০’ ছবিখনৰ উদ্দেশ্যক ৰাইজৰ সন্মুখত ন্যায্যতা প্ৰদান কৰি লাভ নাই, য’ত ইতিমধ্যে মনত এটা ধাৰণা আছে যে ই এখন অপপ্ৰচাৰমূলক ছবি ।