কলিয়াবৰ, 27 মাৰ্চ: আজি বিশ্ব থিয়েটাৰ দিৱস । সমাজৰ বাবে নাটক, নাটকৰ বাবে সমাজ ! নাটকৰ লগত জড়িত কলা-কুশলীসকল সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতন হোৱাৰ লগতে দৰ্শকসকলৰো সচেতনতাৰ প্ৰয়োজন । সকলো ধৰণৰ নাটকেই সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰে । যি বাৰ্তাই সমাজক গঢ়িবও পাৰে, ধ্বংসৰ কাৰণো হ'ব পাৰে । দায়বদ্ধ নাট্যকৰ্মীৰ দায়িত্ব সমাজক গঢ় দিয়া । এই উদ্দেশ্য আগত ৰাখিয়েই পালন কৰা হয় বিশ্ব থিয়েটাৰ দিৱস ।
প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে বিশ্ব থিয়েটাৰ দিৱস পালন কৰা হয় । এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল । আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্ক'ৰ এটা শাখা । বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয় । এই দিৱসৰ দিনা থিয়েটাৰ কৰ্মীসকলৰ সভা-সমিতি অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান, নাটক আদি প্ৰদৰ্শন কৰা হয় । ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰা এই দিৱস প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সমূহত আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ গোষ্ঠীয়ে পালন কৰি আহিছে ।
ইয়াৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই দিৱস উদযাপনৰ লক্ষ্যৰে আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে এজন তাৰকা ব্যক্তিৰ দ্বাৰা থিয়েটাৰৰ থীম, শান্তি-সংস্কৃতি বিষয়ক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে ।