গুৱাহাটী,৩০ মে': ভ্ৰাম্যমান জগতখনত এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ । প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ যত্নপালিত হেঙুল থিয়েটাৰৰ অব্যাহত আছে যুগজয়ী যাত্ৰা । অজস্ৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা হেঙুল থিয়েটাৰৰ নাট্যমঞ্চক লৈ কৰা হৈছে নতুন চিন্তা, নতুন পৰিকল্পনা । নতুন কলা-কুশলীকে আদি কৰি নতুনৰ ষোড়শোপচাৰেৰে অব্যাহত আছে চিৰ নতুনৰ আৰাধনা ।
সেই বাটেৰেই বাট বুলি অহা ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে এদল নতুন অভিনেতা-অভিনেত্ৰীৰ সৈতে সাজু হৈছে হেঙুল গোষ্ঠী । বিগত ৩৬ বছৰে অসমৰ ভ্রাম্যমাণ জগতত অন্যতম স্থান দখল কৰি থকা হেঙুল গোষ্ঠীয়ে ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে নৱ-প্ৰজন্মৰ একাংশ কলা-কুশলীক লগত লৈ । ইতিমধ্যে সামাজিক মাধ্যমযোগে প্ৰকাশ পাইছে হেঙুল থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষৰ তিনিখন নাটকৰ পোষ্টাৰ ।
এই সন্দৰ্ভত হেঙুলৰ প্ৰযোজক তথা পৰিচালক সংকল্পজিৎ হাজৰিকাই কয়, "এইবাৰ নতুন নতুন শিল্পীক লোৱা হৈছে । বহুকেইগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক এইবাৰ লোৱা হৈছে । আৰম্ভণিৰে পৰা মই সদায় নতুনত্বক আদৰি ল'ব বিচাৰি আহিছো । নতুনসকলৰ লগত কাম কৰি ভাল লাগে । এনেদৰে কাম কৰিলে সদায় এটা প্ৰত্যাহ্বান থাকে আৰু এই প্ৰত্যাহ্বানটো সদায় ভাল লাগে । "
লগতে বিগত নাট্যবর্ষ সন্দৰ্ভত মন্তব্য কৰি হাজৰিকাই কয়,"২০২৩-২৪ ৰ নাট্যবর্ষটো ভালে ভালে গ'ল । বিগত নাট্যবর্ষত 'চকু' নাটকখন প্ৰায় ১৬ বছৰৰ পাচত পুনৰবাৰ মঞ্চস্থ কৰা হৈছে । একেগৰাকী নাট্যকাৰ, একেগৰাকী অভিনেতা আৰু একেগৰাকী সংগীত পৰিচালক লৈ নাটকখন কৰা হৈছিল । গীতকেইটা পুনৰ নতুনকৈ কৰা হৈছিল । লগতে অন্য দুখন নাটকো ৰাইজে ভাল পাইছে । এনেদৰেই ২০২৩ -২৪ নাট্যবৰ্ষ ভালদৰে পাৰ হ'ল ।"