ৰঙী-বিৰঙী সাজেৰে তাৰকাৰ ফেশ্বন ষ্টেটমেণ্ট (etv bharat) চিটাৰা ডেস্ক, 15 মে’ :ভেলেণ্টিনো, সাজ-পোছাক আৰু আনুষংগিক সামগ্ৰীৰ এটা ইটালীয়ান ব্ৰেণ্ড, যিয়ে নিজৰ এটা ষ্ট’ৰ মুম্বাইত মুকলি কৰে মঙলবাৰে৷ এই ষ্ট’ৰ মুকলি অনুষ্ঠানত বহু বি-টাউন তাৰকা উপস্থিত হয় ৷ নিজৰ ফেশ্বন ষ্টেটমেণ্টেৰে এইসকল তাৰকাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ অভিনেত্ৰী শোভিতা ধুলিপালা, মালাইকা অৰোৰা, কনিকা কাপুৰ, ৰোহিত ৰয়, তনিশা মুখাৰ্জী, মীৰা ৰাজপুত, সমীক্ষা, চাৰাহ জেন ডিয়াছ, মাধু, অৱন্তিকাকে আদি কৰি বহু তাৰকা উপস্থিত থাকে এই অনুষ্ঠানত ৷
মালাইকাই ক’লা ৰঙৰ মিনি চিকুইন ড্ৰেছ পৰিধান কৰে ৷ পনীটেইল, ইষৎ উজ্জ্বল মেকআপ আৰু ৰঙা লিপষ্টিকৰ সৈতে মালাইকাই সকলোকে নিজৰ ফালে টানিছিল ৷ আনহাতে শোভিতা ধুলিপালাই সম্পূৰ্ণ বগা সাজ পৰিধান কৰে ৷ কাট-আউট গাউনটোত শোভিতাই আকৰ্ষণীয় ভংগীত ফটোৰ বাবে প’জ দিয়া দেখা গ’ল ৷
সন্মুখত ব’ ডিজাইন থকা এটা ক’লা গাউন পৰিধান কৰে মীৰা ৰাজপুতে ৷ কাজোলৰ ভগ্নী তনিশাক দেখা গ’ল কমলা ৰঙৰ ব’ল্ড কাট-আউট ড্ৰেছত ৷ ছলমানৰ ভতিজী আলিজেহ অগ্নিহোত্ৰীক ক’লা টপ আৰু জীনছত একেবাৰে সাধাৰণ লুকত দেখা গ’ল ৷
ব্ৰেণ্ডটোৰ বিষয়ে ক'বলৈ গ'লে, ইয়াক 1960 চনত ইটালীত ডিজাইনাৰ আৰু ব্যৱসায়ী ভেলেণ্টিনো গাৰাভানিয়ে প্ৰতিষ্ঠা কৰিছিল । ব্ৰেণ্ডটো টেইলাৰিং আৰু সামগ্ৰী ব্যৱহাৰত বিশেষজ্ঞ ৷ ষ্টাইলিছ কাষ্টম-মেড কাপোৰ আৰু ৰেডি-টু-ৱেৰ কাপোৰ সকলো প্ৰস্তুত কৰে ভেলেণ্টিনোৱে । ভেলেণ্টিনো হৈছে ৰিলায়েন্স ব্ৰেণ্ডছ লিমিটেডৰ খুচুৰা অংশীদাৰ, এক ভাৰতীয় কোম্পানী যি সমগ্ৰ বিশ্বত কেইবাটাও প্ৰিমিয়াম ব্ৰেণ্ড প্ৰৱৰ্তন কৰিছে । ব্ৰেণ্ডটোৰ হেণ্ডবেগ, পুৰুষৰ পোছাক আৰু মহিলাৰ পোছাক হৈছে দোকানখনৰ মুখ্য আকৰ্ষণ, যি ৰিলায়েন্স ব্ৰেণ্ডছ লিমিটেডৰ সহযোগত খোলা হৈছে ।
লগতে পঢ়ক :পাম ডি অ’ৰ লাভ কৰি আৱেগিক মেৰিল ষ্ট্ৰিপে কাৰ নাম ল’লে ? - cannes film festival 2024