চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী:অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । অৱশ্যে বিগত বহুদিন ধৰি দ্বিতীয় সন্তানক লৈ চৰ্চিত হৈ আছে এই দম্পতীটো । অভিনেত্ৰীগৰাকী দ্বিতীয়বাৰ গৰ্ভধাৰণ কৰা সন্দৰ্ভত ধাৰাবাহিকভাৱে আহি আছে খবৰ । কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই অনুষ্কা শৰ্মা কিম্বা বিৰাট কোহলীয়ে । এই সকলোবোৰৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়াৰ পৰা এটা ইংগিত পোৱা গৈছে যে অনুষ্কাই দেশত নহয় বিদেশত দ্বিতীয় সন্তানক জন্ম দিব ।
সঁচাকৈ অনুষ্কা শৰ্মাই লণ্ডনত দ্বিতীয় সন্তানক জন্ম দিবনে ?
আচলতে ব্যৱসায়ী হৰ্ষ গোৱেংকাই অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । তেওঁ অলপতে তেওঁৰ এক্স একাউণ্টত এটা টুইট কৰিছে, য’ত তেওঁ লিখিছে, ‘‘এতিয়া কেইদিনৰ ভিতৰতে এটি সন্তান জন্ম হ’ব । এতিয়া লক্ষণীয় হ’ব যে তেওঁ তেওঁৰ দেউতাকৰ দৰে ক্ৰিকেটাৰ হ’ব নে তেওঁ তেওঁৰ মাতৃৰ দৰে চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িব ।’’ ইয়াৰ লগতে তেওঁ কৈছে যে শিশুটিৰ জন্ম লণ্ডনত হ’ব । হৰ্ষ গোৱেংকাৰ এই পোষ্টটোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে ।