অসম

assam

ETV Bharat / entertainment

এপ্ৰিল ফুলছ ডে’ত বিজয়লৈ কোনে পঠিয়ালে জন্মদিনৰ নামৰ ফুলৰ থোপা - vijay varma april fool - VIJAY VARMA APRIL FOOL

Vijay Varma April fool : ফুলৰ সৈতে এপ্ৰিল ফুলছ ডে’ বিজয় বাৰ্মাৰ, প্ৰেমিকাৰ খং ! এপ্ৰিল ফুলছ ডে’ত অভিনেতা বিজয় বাৰ্মাই লাভ কৰিলে ফুলৰ থোপা, তামান্নাই ক’লে ব্লাডী ব্ৰিলিয়ণ্ট !

vijay varma receives birthday flower on april fools day girl friend tamannaah reacts
বিজয় বাৰ্মা

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 4:59 PM IST

চিটাৰা ডেস্ক, 2 এপ্ৰিল :অভিনেতা বিজয় বাৰ্মাই ২৯ মাৰ্চত তেওঁৰ ৩৮ সংখ্যক জন্মদিন উদযাপন কৰে । বিশেষ দিনটোত তেওঁ এখন ফটোও শ্বেয়াৰ কৰিছিল, য'ত তেওঁক ফুলৰ থোপা, চিঠি আৰু জন্মদিনৰ কাৰ্ড এসোপাৰ মাজত চোফাত বহি থকা অৱস্থাত দেখা গৈছিল ৷ তেওঁ তেওঁৰ জন্মদিনত সমগ্ৰ বিশ্বৰ পৰা শুভবাৰ্তা লাভ কৰিছিল যাৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনাইছিল ।

সোমবাৰে এপ্ৰিল ফুলছ দিৱসৰ দিনা এখন ছবি শ্বেয়াৰ কৰি মিৰ্জাপুৰৰ অভিনেতাগৰাকীয়ে কেপচনত লিখে, ‘এপ্ৰিল ফুলৰ দিনটো মোৰ বাবে সৰ্বোত্তম দিন । জন্মদিনৰ ফুল, টোকা আৰু ফেন কাৰ্ডৰ বাবে ধন্যবাদ ।’ তেওঁৰ পোষ্টটোৰ কিছু সময়ৰ পিচতে লাষ্ট ষ্ট’ৰী ২ ৰ অভিনেত্ৰী আৰু তেওঁৰ প্ৰেমিকা তামান্না ভাটিয়াই মন্তব্য কৰে, Bloody brilliant । আনহাতে অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে হাৰ্ট ইমোজীৰে তেওঁক শুভেচ্ছা জনাই আৰু অভিনেতা দিব্যেন্দুৱে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাই কয়, ‘জন্মদিনৰ শুভেচ্ছা বন্ধু...মজা কৰক ।’

অভিনয় ক্ষেত্ৰত বিজয় বাৰ্মাই অলপতে হোমী আদাজনিয়াৰ ‘মাৰ্ডাৰ মুবাৰক’ ছবিখনত ছাৰা আলী খানৰ সৈতে অভিনয় কৰিছিল । চলিত মাহৰ আৰম্ভণিতে ১৫ মাৰ্চত মুক্তি পাইছিল ছবিখনে । আপোনালোকক জনাও যে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, সঞ্জয় কাপুৰ, ছাৰা আলী খান আৰু পংকজ ত্ৰিপাঠীয়ে । এই ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ।

যদি আমি তেওঁৰ প্ৰেয়সী তামান্না ভাটিয়াৰ কথা কওঁ, বৰ্তমানে তেওঁৰ হাতত বহুকেইটা প্ৰজেক্ট আছে । তাৰ ভিতৰত চুপাৰনেচ্যাৰেল থ্ৰিলাৰ ‘অডেলা-২’ আৰু হৰৰ কমেডী ‘আৰনমনই ৪’ চৰ্চাত আছে । ‘আৰনমনই ৪’ ত তামান্নাক তেলুগু আৰু হিন্দী ছবি জগতত ঢৌ তুলি থকা ৰাশি খান্নাৰ সৈতে দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক :ৰামোজী একাডেমী অফ মুভিজে বিশিষ্ট ভাৰতীয় ভাষাত বিনামূলীয়া চলচ্চিত্ৰ নিৰ্মাণ পাঠ্যক্ৰম ঘোষণা কৰে - Ramoji Academy Of Movies

ABOUT THE AUTHOR

...view details