গুৱাহাটী : অসমৰ সাংস্কৃতিক জগতৰ পৰা আহিল এটি দুঃখবৰ ৷ প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ পৰলোক প্ৰাপ্তি ঘটে । শ্বিলঙৰ বেথানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে । দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ । বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ মৃত্যু বৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ।
সৰুৰে এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা জ্ঞানদা কাকতিৰ জন্ম হৈছিল ১৯৩২ ৷ সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙতে জন্ম তেওঁৰ । পিতৃ শ্বিলঙত কৰ্মৰত হোৱা বাবে শ্বিলঙৰ লাবানত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় তেওঁলোকে । সৰুৰে পৰা নৃত্য, গীত আৰু অভিনয় কৰি ভালপোৱা জ্ঞানদা কাকতিয়ে মাতৃৰ পৰা সংগীত আৰু দেউতাকৰ পৰা লাভ কৰিছিল অভিনয়ৰ আদিপাঠ । শৈশৱতে লাভ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সান্নিধ্য ।
সৰুতে ‘‘সতী বেউলা’’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁক নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল ৷ বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পিছতহে স্বামীৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে ১৯৪৮ চনত প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ ছবিখনত অভিনয় কৰি অসমীয়া ছবিজগতত খোজ পেলাইছিল । প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তমখন অসমীয়া ছবি আছিল ‘পাৰঘাট’ ।
‘পাৰঘাট’ৰ পাছত জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে - ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পূৱতি নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’ ৷ অসমীয়া ছবিজগতৰ লগতে বাংলা ছবিজগততো নিজৰ নিভাঁজ অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকী । তেওঁ অভিনয় কৰা বাংলা ছবিকেইখন হৈছে– ‘নীলাচলে মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ আদি ৷
কাকতিক ‘বন্দিনী’ নামৰ এখন হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল । বিশ্বৰ লেখত ল’বলগীয়া তথা পুৰণি চলচ্চিত্ৰ মহোৎসৱ ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱ’ত ১৯৬০ চনত কাকতি অভিনীত ‘পূবেৰুণ’ ছবিখন ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল । পূবেৰুণ ছবিখনৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত তেওঁ ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল জ্ঞানদা কাকতি ৷
১৯৮৭ চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে । কেৱল এয়াই নহয় জ্ঞানদা কাকতি আকাশবাণী ৰেডিঅ' গুৱাহাটী-শ্বিলঙৰ প্ৰথমগৰাকী ঘোষিকা আছিল । অনাতাঁৰ কেন্দ্ৰৰ গায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুটামান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল ৷ বহুকেইখন নাটকৰ আৱহ সংগীতত কণ্ঠদান কৰিছিল তেওঁ ।
অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেন্সন লাভ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০২ চনত ‘কলাগুৰু বিষ্ণুৰাভা বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল । নানা কৃতিত্বৰে ভৰপূৰ এনে এগৰাকী অভিনেত্ৰীৰ মৃত্যুত এতিয়া ম্ৰিয়মান ৰাজ্যৰ সাংস্কৃতিক মহল । অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
এক শোকবাৰ্তাযোগে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, "জ্ঞানদা কাকতি বাইদেউ আৰু নাই ! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ । অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি বাইদেউ প্ৰাতঃস্মৰণীয় । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'পূবেৰুণ'ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল । বাইদেউৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ ।"
সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই এক্সত লিখে, "ভাৰতীয় প্ৰখ্যাত অভিনেত্ৰী, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ গায়িকা, সন্মানীয় বিষ্ণুৰাভা বঁটা লাভ কৰা জ্ঞানদা কাকতিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো । অসমীয়া চলচ্চিত্ৰ জগত আৰু আমাৰ জাতিৰ সাংস্কৃতিক পৰিৱেশলৈ তেখেতৰ অমূল্য অৱদান চিৰদিনৰ স্মৰণীয় হৈ থাকিব ৷ এই কঠিন সময়ত তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । তেওঁৰ আত্মাই চিৰশান্তি আৰু সদ্গতি লাভ কৰক । ওম শান্তি🙏"