চিটাৰা ডেস্ক, ৯ মাৰ্চ: টিভিৰ অন্যতম জনপ্ৰিয় অভিনেতা অৰ্জুন বিজলানী । এতিয়ালৈকে তেওঁ বহু ধাৰাবাহিকত অভিনয় কৰিছে । অভিনয়ৰ উপৰিও অৰ্জুনক বহু শ্ব’ত আঁত ধৰোতাৰ ৰূপতো দেখা গৈছে । অৰ্জুনে নিজৰ কমেডীৰে প্ৰায়ে সকলোকে হাঁহিবলৈ বাধ্য কৰায় । বৰ্তমান অভিনেতাজনক দেখা গৈছে ‘প্যাৰ কা পেহলা অধ্যায়: শিৱ শক্তি’ ধাৰাবাহিকখনত । কিন্তু এতিয়া হঠাৎ অৰ্জুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, যাৰবাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে । অভিনেতাগৰাকীয়ে চিকিৎসালয়ৰ পৰা নিজৰ এখন ফটোও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।
চিকিৎসালয়ত ভৰ্তি অৰ্জুন বিজলানী
এপেণ্ডিচাইটিছৰ বাবে পেটৰ সোঁফালৰ তলৰ অংশত তীব্ৰ বিষ হৈছিল অভিনেতাগৰাকীৰ । ইয়াৰ পিচতে তেওঁক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হয় । এক সূত্ৰৰ মতে, অৰ্জুনৰ এপেণ্ডিক্স অপাৰেশ্যন ৯ মাৰ্চত অৰ্থাৎ আজি হোৱাৰ কথা । বিষৰ বাবে অভিনেতাগৰাকীয়ে ৮ মাৰ্চত শ্বুটিঙলৈও যোৱা নাছিল ।